চিটাৰা ডেস্ক, 10 মাৰ্চ: প্ৰায় এসপ্তাহ পূৰ্বে নিজৰ এপাৰ্টমেণ্টত মৃত্যু হৈছিল Adult Star ছফিয়া লিঅ’নৰ ৷ এই কথা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীৰ সতিয়া পিতৃয়ে ৷ ছফিয়াৰ পিতৃয়ে কন্যাৰ স্মৃতিসৌধৰ বাবে ধন সংগ্ৰহ কৰি আছে ৷ অভিনেত্ৰীগৰাকীৰ পিতৃৰ মতে, ২০২৪ চনৰ ১ মাৰ্চত ছফিয়া লিঅ’নক তেওঁৰ এপাৰ্টমেণ্টত অচেতন অৱস্থাত পৰিয়ালে উদ্ধাৰ কৰিছিল ৷ তেওঁৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷ একে সময়তে আচৰিত কথাটো হ’ল যে বিগত ২ মাহৰ ভিতৰত এয়া তৃতীয়বাৰৰ বাবে এজন Adult Starৰ মৃত্যু হৈছে ৷
ছফিয়াৰ পিতৃয়ে কয় যে, আৰক্ষীয়ে বিষয়টোৰ ওপৰত বৰ্তমান তদন্ত কৰি মৃত্যুৰ আঁৰৰ কাৰণ জানিবলৈ চেষ্টা কৰি আছে ৷ কেৱল এয়াই নহয়, ছফিয়াৰ আকস্মিক মৃত্যুৰ পিচত সকলোৱে স্তম্ভিত হৈ পৰিছে বুলিও তেওঁ কয় ৷ এতিয়া ছফিয়াৰ ন্যায় বিচাৰিছে সমগ্ৰ পৰিয়ালে ৷