চিটাৰা ডেস্ক, ২৯ জানুৱাৰী: বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ তেওঁৰ ছবি এনিমেলৰ বাবে বৰ্তমান বাতৰিৰ শিৰোনামত আছে । ছবিগৃহত ধুমুহাৰ সৃষ্টি কৰাৰ পিচত শেহতীয়াকৈ অ’টিটি প্লেটফৰ্মত মুক্তি পোৱা এই ছবিখনে ৰাইজৰ পৰা যথেষ্ট মৰম লাভ কৰিছে । অনুৰাগীয়ে এই ছবিখনত ৰণবীৰৰ এক বেলেগ ৰূপ চাবলৈ পাইছে । অৱশ্যে এই ছবিখনৰ এটি গীত অতি ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত ৷ এই গীতটিত অভিনয় কৰিছে ববি দেওলে ৷ এতিয়ালৈকে হয়তো গ’মেই পাইছে কোনটো গীতৰ কথা কৈছো ৷ হয়, আমি কৈছো ‘জামাল কুডু’ গীতটিৰ কথা । এই গীতটি যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল ছ’চিয়েল মিডিয়াত ৷ ইফালে ২৮ জানুৱাৰীত অনুষ্ঠিত হোৱা ফিল্মফেয়াৰ এৱাৰ্ডত এই গীতটিত নৃত্য কৰে ৰণবীৰ কাপুৰে। এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰণবীৰৰ এই ভিডিঅ’টো ৷
ফিল্মফেয়াৰ এৱাৰ্ডত মঞ্চত নৃত্য প্ৰদৰ্শন কৰে ৰণবীৰে। কেৱল এয়াই নহয়, এনিমেলৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও লাভ কৰে অভিনেতাগৰাকীয়ে । ৰণবীৰৰ নৃত্যৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত তেওঁ মঞ্চৰ পৰা নামি আহি পত্নী আলিয়াৰ সৈতে নৃত্য কৰে ।
মঞ্চৰ পৰা নামি আহি ৰণবীৰে আলিয়াৰ সৈতে জামাল কুডু গীতটিত নৃত্য কৰে । আলিয়া আৰু ৰণবীৰ দুয়োগৰাকীয়ে মূৰত গ্লাছ লৈ নৃত্য কৰে । ইয়াৰ পিচত ৰণবীৰে পত্নীক চুমা খাই পুনৰ মঞ্চলৈ উভতি যায় ।
অনুৰাগীৰ প্ৰতিক্ৰিয়া