অসম

assam

এয়া কাৰো পৈতৃক উদ্যোগ নহয় : নেপ’টিজম সন্দৰ্ভত মুখ খুলিলে বিদ্যা বালানে - Actor Vidya Balan on nepotism

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 3:32 PM IST

Actor Vidya Balan : ডাৰ্টী পিকচাৰখ্যাত তাৰকা বিদ্যা বালানে বলীউডৰ স্বজনতোষণৰ বিষয়ত তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ লগতে স্বামী আৰু প্ৰথম প্ৰেমিকৰ বিষয়েও বহুতো ৰহস্য ফাদিল কৰিলে বিদ্যাই ৷ কি ক’লে অভিনেত্ৰীগৰাকীয়ে ?

Actor Vidya Balan
'এয়া কাৰো পৈতৃক উদ্যোগ নহয়', নেপ’টিজমক ককৰ্থনা বিদ্যা বালানৰ

চিটাৰা ডেস্ক, 13 এপ্ৰিল : বলীউডত সততে নেপ’টিজমৰ বিষয়ত সৰৱ চৰ্চা চলি থাকে ৷ এই নেপ’টিজমৰ বিষয়ে মুখ খুলিলে ডাৰ্টী পিকচাৰৰ তাৰকা বিদ্যা বালানে ৷ শেহতীয়াকৈ এক সাক্ষাৎকাৰত বিদ্যা বালানে কয় যে, এই উদ্যোগটোত তেওঁও বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল ।

"স্বজনতোষণ আছে নে নাই মই নাজানো, কিন্তু মই ইয়াত আছো, এয়া কাৰো পৈতৃক উদ্যোগ নহয় ৷ অন্যথা প্ৰতিজন পিতৃৰ পুত্ৰ, প্ৰতিজন পিতৃৰ কন্যা সফল হ'লহেঁতেন ।" অভিনেত্ৰীগৰাকীয়ে এইদৰে মন্তব্য প্ৰকাশ কৰে ৷

বিদ্য়াই লগতে কয়, "মই তিনি বছৰ ধৰি বহুত কষ্ট পালো,মই সম্পূৰ্ণৰূপে ভাঙি পৰিছিলো, কিন্তু মই এতিয়া ক'ব বিচাৰো, মোৰ দৃঢ়তাই মোক আগুৱাই যোৱাত সহায় কৰিলে ৷"

লগতে অভিনেত্ৰীগৰাকীয়ে স্বামী তথা চলচ্চিত্ৰ প্ৰযোজক সিদ্ধাৰ্থ ৰয় কাপুৰ আৰু তেওঁৰ প্ৰথম প্ৰেমিকৰ ৰহস্য ফাদিল কৰি কয় , "সেই সময়ত পাপাৰাজ্জীৰ প্ৰৱণতা নতুনকৈ আৰম্ভ হৈছিল ৷ তেতিয়া মই মোৰ সম্পৰ্কটো ৰাজহুৱা কৰিবলৈ বিচৰা নাছিলো ৷ মোৰ এতিয়াও মনত আছে যে আমি প্ৰথম গাড়ীত ডেট কৰিছিলো ৷ সেই সুন্দৰ মুহূৰ্ততো এতিয়াও মোৰ মনত সজীৱ হৈ আছে ৷ আমি সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰি আমাৰ মুহূৰ্তবোৰ উপভোগ কৰিছিলো ৷"

লগতে তাৰকাগৰাকীয়ে তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ পৰা কেনেদৰে প্ৰতাৰণৰা বলি হৈছিল সেই কথা প্ৰকাশ কৰি কয়, "মোক প্ৰতাৰণা কৰা হৈছিল । মই ডেট কৰা প্ৰথমগৰাকী প্ৰেমিকে মোক বেয়াকৈ প্ৰতৰণা কৰিছিল, তেওঁ প্ৰতাৰক আছিল ৷ মই ভেলেণ্টাইন ডে’ৰ দিনা কলেজত তেওঁক লগ পাওঁতে মোক কৈছিল যে, তেওঁ প্ৰাক্তন প্ৰেমিকাক লগ কৰিবলৈ গৈ আছে ৷ এই কথা শুনি মই হতবাক হৈছিলো ৷ সেইদিনটোত মই বেয়াকৈ ভাঙি পৰিছিলো ৷"

বিদ্যা বালানক তেওঁৰ আহিবলগীয়া ছবি দৌ অউৰ দৌ প্যাৰ শীৰ্ষক ছবিখনত দেখা যাব ৷ এই ছবিখন বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ওপৰত প্ৰস্তুত কৰা হৈছে ৷ ছবিখনত প্ৰতীক গান্ধী, চেন্ধিল ৰামমূৰ্তি আৰু ইলিয়ানা ডিক্ৰুজেও অভিনয় কৰিছে । শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে । অহা ১৯ এপ্ৰিলত মুক্তি পাব ছবিখন ৷

লগতে পঢ়ক:20 বছৰৰ পিচত পুনৰ স্ক্ৰীণত দেখা যাব নেকি ইমৰান-মল্লিকাক ? - Emran Hashmi and MALLIKA SHERAWAT

ABOUT THE AUTHOR

...view details