অসম

assam

ETV Bharat / entertainment

বিশিষ্ট নাট্যকাৰ-অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য অসুস্থ

গুৰুতৰভাৱে অসুস্থ বিশিষ্ট নাট্যকাৰ-অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য । সম্প্ৰতি মহানগৰীৰ দিছপুৰ হাস্পতালৰ ICU ত ভৰ্তি হৈ আছে শিল্পীগৰাকী

veteran-actor-kulada-kumar-bhattacharya-hospitalised-in-guwahati
কুলদা কুমাৰ ভট্টাচাৰ্য অসুস্থ (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Oct 31, 2024, 3:29 PM IST

গুৱাহাটী:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপক বিশিষ্ট নাট্যকাৰ, অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য অসুস্থ । বিগত ৫ দিন ধৰি মহানগৰীৰ দিছপুৰ হাস্পতালৰ আই চি ইউত ভৰ্তি হৈ আছে বিশিষ্ট অভিনেতাগৰাকী । পৰিয়ালৰ তৰফৰ পৰা জনোৱা অনুসৰি নিম’নিয়া আৰু হৃদৰোগৰ সমস্যাত ভুগি আছে শিল্পীগৰাকী ।

অসমীয়া সাংস্কৃতিক জগতৰ এক পুৰোধা নাম কুলদা কুমাৰ ভট্টাচাৰ্য । ১৯৩৩ চনত গুৱাহাটী মহানগৰীত জন্মগ্ৰহণ কৰা ভট্টাচাৰ্য একেধাৰে অনাতাঁৰ শিল্পী, নাট্যকাৰ, অভিনেতা, পৰিচালক, ধাৰাভাষ্যকাৰ, আবৃত্তিকাৰ । লণ্ডনত মঞ্চকলা, ফিল্ম আৰু টেলিভিছন বিষয়ত পেচাদাৰী প্ৰশিক্ষণ লোৱা শিল্পীসকলৰ ভিতৰত ভট্টাচাৰ্যও অন্যতম । অনাতাঁৰ নাট ‘পৰশুৰাম’ৰ জৰিয়তে জনপ্ৰিয়তা অর্জন কৰা শিল্পীগৰাকীয়ে অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত বহুকেইখন জনপ্ৰিয় ৰেডিঅ’ নাটত অভিনয় কৰিছিল । এসময়ত অৰুণ শৰ্মাৰ বহুল জনপ্ৰিয় নাট ‘আহাৰ’ আৰু ‘নিবাৰণ ভট্টাচাৰ্য’ত কৰা অভিনয়েৰে দৰ্শকক মুগ্ধ কৰিছিল অভিনেতাগৰাকীয়ে ।

১৯৬১ চনত ‘শকুন্তলা’ ছবিখনৰ জৰিয়তে ছবিজগতত খোজ পেলোৱা অভিনেতাগৰাকীয়ে ‘লটিঘটি’, ‘চিকমিক বিজুলী’, ‘প্ৰভাতী পখীৰ গান’, ‘ৰামধেনু’, ‘ভিলেজ ৰকষ্টাৰ’ আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছে । দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰাৰ লগতে পৰিচালনাও কৰিছে তেওঁ । তাৰে ভিতৰত তেখেতৰ দ্বাৰা পৰিচালিত ধাৰাবাহিক ‘তেজাল ঘোঁৰা’ উল্লেখযোগ্য ।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা আৰু ইণ্ডিয়ান পেনোৰামাৰ বাবে দুবাৰকৈ জুৰীৰ সদস্য হিচাপেও নিৰ্বাচিত হৈছিল ভট্টাচাৰ্য । শেহতীয়াকৈ '৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ সমাৰোহত শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰ হিচাপে সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল কুলদা কুমাৰ ভট্টাচাৰ্যই । ‘হাতীবন্ধু’ ছবিখনৰ ধাৰাভাষ্যৰ বাবে এই সন্মান আগবঢ়োৱা হৈছিল তেওঁলৈ ।

লগতে পঢ়ক :কেৰালাৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ কাংগুভাৰ সম্পাদক নিশাধ ইউছুফ

ABOUT THE AUTHOR

...view details