চিটাৰা ডেস্ক, 6 জুন:বিগত ৩ মে’ত বৰুণ ধৱন আৰু নাতাশা দলালৰ কন্যা সন্তানৰ আগমনৰ পিচৰে পৰা আনন্দেৰে ভৰি পৰিছে ধৱন পৰিয়াল । যিহেতু নতুন মাতৃগৰাকী বৰ্তমান চিকিৎসালয়ত আছে, সেয়েহে পৰিয়ালৰ লোকসকলে পাল পাতি তেওঁক লগ কৰিবলৈ আহিছে ৷ বৰুণ ধৱনক চিকিৎসালয়ত সঘনাই প্ৰৱেশ আৰু প্ৰস্থান কৰা দেখা গৈছে ৷ অতিকে ব্যস্ততাপূৰ্ণ সূচীৰ মাজতো তেওঁ পত্নীৰ কাষত থকাটো নিশ্চিত কৰিছে ।
অনুৰাগীসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বৰুণ-নাতাশাৰ সন্তানৰ মুখ দৰ্শন কৰিবলৈ ৷ কিন্তু তাৰ আগতে সকলোৱে জানিবলৈ বিচাৰিছে নাতাশা আৰু নৱজাতকৰ স্বাস্থ্যৰ বিষয়ে ৷ বুধবাৰৰ নিশা যেতিয়া বৰুণৰ পিতৃৰ সৈতে পাপাৰাজ্জী মুখামুখি হয়, তেতিয়া তেওঁ দুয়োৰে স্বাস্থ্য সম্পৰ্কে সকলোকে অৱগত কৰে ৷
বোৱাৰী আৰু নাতিনীয়েকৰ সৈতে মানসম্পন্ন সময় কটোৱাৰ পিচত, ডেভিদ ধৱনক ঘৰলৈ উভতি যোৱা দেখা গ’ল ৷ তেওঁৰ মুখত এটা উজ্জ্বল হাঁহি জিলিকি থকা দেখা গ’ল যিয়ে পৰিয়ালটোত নতুনকৈ সংযোজন হোৱা সদস্যক লৈ তেওঁৰ সুখৰ কথা বহুখিনি কথাই কৈ গ’ল । নাতাশাৰ স্বাস্থ্যৰ বিষয়ে সোধাত তেওঁ সকলোৰে মন নিশ্চিন্ত কৰি উত্তৰ দিলে "ফাৰ্ষ্ট ক্লাছ"।