চিটাৰা ডেস্ক, 17 এপ্ৰিল : অভিনেত্ৰী জাহ্নৱী কাপুৰৰ আহিবলগীয়া ছবি উলঝ ৰ টীজাৰ বুধবাৰে মুক্তি দিয়া হৈছে ৷ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক সুধাংশু ছাৰিয়াৰ দ্বাৰা পৰিচালিত এই দেশপ্ৰেমমূলক থ্ৰীলাৰ ছবিখনত গুলচন দেৱায় আৰু ৰোশন মেথিউৱে জাহ্নৱীৰ সৈতে মুখ্য ভূমিকা পালন কৰিছে । চলচ্চিত্ৰখনত এটা প্ৰখ্যাত দেশপ্ৰেমী পৰিয়ালৰ এজন যুৱ ৰাষ্ট্ৰদূতক অনুসৰণ কৰা হয় ৷ যুৱকজনে বিদেশ ভ্ৰমণ কৰি কেৰিয়াৰ নিৰ্ধাৰণ কৰিবলৈ যাওঁতে এক বিপজ্জনক ব্যক্তিগত ষড়যন্ত্ৰত লিপ্ত হয় ৷
ছবিখনৰ টীজাৰটো জাহ্নৱীয়ে অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰি লিখে, "মিছা, প্ৰৱঞ্চনা আৰু বিশ্বাসঘাতকতাৰ পৃথিৱীত প্ৰৱেশ কৰক- #Ulajh জুলাইৰ ৫ তাৰিখে চিনেমা গৃহলৈ আহিব ।"
এই টীজাৰটোৱে আমাক আইএফএছ (ভাৰতীয় বৈদেশিক সেৱা)ৰ এক আকৰ্ষণীয় পৃথিৱীলৈ লৈ যায় । অভিনেত্ৰীগৰাকীয়ে টীজাৰটো মুকলি কৰাৰ লগে লগে অনুৰাগী আৰু উদ্যোগৰ শুভাকাংক্ষীসকলে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে ৷