অসম

assam

ETV Bharat / entertainment

কনচাৰ্টৰ সময়ত মহিলা অনুৰাগীক চুমা খাই বিতৰ্কত উদিত নাৰায়ণ - UDIT NARAYAN KISSES FEMALE FANS

নেপথ্য গায়ক উদিত নাৰায়ণে এটা সংগীতানুষ্ঠানৰ সময়ত মহিলা অনুৰাগীক চুম্বন কৰাৰ এটা ভিডিঅ' অনলাইনত প্ৰকাশ হোৱাৰ পিছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দুভাগত বিভক্ত নেটিজেন ৷

Udit Narayan Seen 'Kissing' Female Fans During Concert, Netizens Divided Over Singer's Gesture; Video Goes Viral
উদিত নাৰায়ণ (Photo: ANI)

By ETV Bharat Entertainment Team

Published : Feb 1, 2025, 5:06 PM IST

হায়দৰাবাদ :প্ৰবীণ নেপথ্য গায়ক উদিত নাৰায়ণৰ সংগীতানুষ্ঠানৰ কিছুমান ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ এটা ভিডিঅ' অনলাইনত প্ৰকাশ পোৱাৰ পিছত নেটিজেনসকলৰ ক্ৰোধৰ সন্মুখীন হৈছে গায়কগৰাকী । বহুল প্ৰচাৰিত ভিডিঅ'টোত গায়কজনে তেওঁৰ এটা জনপ্ৰিয় গীত 'মোহৰা' ছবিৰ টিপ টিপ বৰচা পানী পৰিৱেশন কৰা দেখা গৈছে । গান গাই থকা অৱস্থাতে যেতিয়া মহিলা অনুৰাগীয়ে ছেলফিৰ বাবে অনুৰোধ কৰে, তেতিয়া পৰিস্থিতিয়ে বেলেগ ৰূপ লয় ৷ অপ্ৰত্যাশিতভাৱে অনুৰাগীক চুমা খাই গায়কগৰাকীয়ে ।

ভাইৰেল ভিডিঅ' ক্লিপটোত দেখা গৈছে যে প্ৰদৰ্শনৰ সময়ত অনুৰাগীসকলৰ সৈতে উদিত নাৰায়ণে আদৰণীয় ভংগীৰে ভাৱ-বিনিময় কৰিছে । টিপ টিপ বৰচা পানী গাই থাকোতে মহিলা অনুৰাগীৰ এটা দলে পদ্মভূষণ বঁটাপ্ৰাপক গায়কগৰাকীৰ সৈতে এখন ফটো তুলিবলৈ মঞ্চৰ ওচৰলৈ গৈছিল । সকলোকে আচৰিত কৰি এগৰাকী অনুৰাগীয়ে তেওঁৰ গালত চুমা খাইছিল । তৎমুহূৰ্ততে উদিত নাৰায়ণেও তেওঁক চুম্বন যাচে । ঘটনাটো আৰু অধিক চকুতলগা হৈ পৰে যেতিয়া নাৰায়ণে আন এগৰাকী অনুৰাগীৰ ছেলফিৰ সুবিধাৰ বাবে এজন দেহৰক্ষীক মাতে আৰু তাৰ পিছত পুনৰ চুম্বনৰ বাবে আগবাঢ়ি যায় ।

নেটিজেনৰ প্ৰতিক্ৰিয়া

এই ভিডিঅ’ ছ'চিয়েল মিডিয়াত ধুমুহাৰ দৰে বিয়পি পৰে । বহু অনুৰাগীয়ে প্ৰথমে তেওঁৰ এই কাৰ্যক আৱেগিক বুলি তেওঁৰ সমৰ্থনত মাত মাতে ৷ বহুতে কিন্তু গায়কগৰাকীয়ে কেনেকৈ অসামাজিক আচৰণ কৰিলে তাক লৈ নিন্দা কৰিলে ।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "উদিত নাৰায়ণৰ দৰে এজন জ্যেষ্ঠ গায়কৰ পৰা এইটো আশা কৰা নাছিলো ।" আন এজনে লিখিছে, "উদিত নাৰায়ণে সম্পূৰ্ণৰূপে সকলো সীমা অতিক্ৰম কৰিছে । তেওঁৰ আচৰণ একেবাৰে গ্ৰহণযোগ্য নাছিল ।" এজনে অত্যন্ত বেয়া পাই মন্তব্য কৰিছে, "মানুহে আপোনাক গান গাবলৈ পৰিশোধ কৰে, ইয়াৰ বাবে নহয় । উদিত নাৰায়ণৰ দৰে ব্যক্তিৰ পৰা এনে আশা কৰা হোৱা নাছিল ।"

Xত বহুসংখ্যক অনুৰাগীয়ে উদিতৰ এই কাৰ্যক অনুৰাগীলৈ মৰম বুলি তেওঁৰ সপক্ষে মত দিয়ে ৷ মহিলা অনুৰাগীকহে ঘনিষ্ঠ হ’বলৈ যোৱাৰ বাবে দোষাৰোপ কৰে ৷ তেওঁলোকৰ মতে অনুৰাগীৰ বাবেই গায়কগৰাকীয়ে অপ্ৰত্যাশিত আচৰণ কৰে ।

নেটিজেনসকলে সামাজিক দ্বৈত মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে

দৰাচলতে এই ভিডিঅ’টোৰ ফলত সমাজৰ দ্বৈত মানদণ্ডক লৈ নেটিজেনসকলৰ মাজত বিতৰ্কৰ সৃষ্টি হয় । বিভিন্ন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে যে কেৱল উদিত নাৰায়ণ সেই স্থানত থকাৰ বাবেই এনে কাৰ্যক কিয় বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা চোৱা হৈছে ? এজন ব্যৱহাৰকাৰীৰ এজন মন্তব্য- "সেইটো কি আছিল ? আৰু প্ৰথমবাৰৰ বাবে চুমা খোৱাৰ পিছত অধিক মহিলাই কিয় এই আচৰণৰ অনুমতি দিলে ? মানুহে এই ঘটনাক অশ্লীল বুলি শ্ৰেণীভুক্ত নকৰে কাৰণ তেওঁ উদিত নাৰায়ণ ।"

মৌন হৈ আছে উদিত নাৰায়ণ

এতিয়ালৈকে উদিত নাৰায়ণে ভাইৰেল ভিডিঅ'টো সন্দৰ্ভত একো মন্তব্য দিয়া নাই আৰু তেওঁৰ দলৰ পৰাও কোনো আনুষ্ঠানিক বিবৃতি অহা নাই ৷

ৰেডিঅ’ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰি উদিতে কিংবদন্তি মহম্মদ ৰফি আৰু কিশোৰ কুমাৰৰ সৈতে উনিছ-বিশ (১৯৮০) ছবিত প্লেবেক গায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল । চাৰি দশকৰ বিখ্যাত কেৰিয়াৰৰ সৈতে, একাধিক ৰাষ্ট্ৰীয় বঁটা বিজয়ী গায়কগৰাকী ২০০০ চনৰ আৰম্ভণিলৈকে আগশাৰীৰ নেপথ্য গায়কৰ ভিতৰত আছিল । শেহতীয়া এই ঘটনাই তেওঁৰ কেৰিয়াৰত এক অপ্ৰত্যাশিত অধ্যায় সংযোজন কৰিছে ।

লগতে পঢ়ক :মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছাক প্ৰশংসা কৰি বলীউডৰ পক্ষপাতিত্বক লৈ প্ৰশ্ন কংগনাৰ

ABOUT THE AUTHOR

...view details