অসম

assam

ETV Bharat / entertainment

আকৌ এটা ভাল খবৰ: পেনোৰামালৈ নিৰ্বাচিত তিনিখনকৈ অসমীয়া ছবি

২০ৰ পৰা ২৮ নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া ৫৫ সংখ্যক আন্তৰ্জাতিক ছবি মহোৎসৱত প্ৰদৰ্শিত হ'ব তিনিখন অসমীয়া ছবি ৷

Three Assamese film selected for Indian Penorama
আকৌ এটা ভাল খবৰ: পেনোৰামালৈ নিৰ্বাচিত তিনিখনকৈ অসমীয়া ছবি (Etv Bharat)

By ETV Bharat Entertainment Team

Published : 5 hours ago

Updated : 4 hours ago

হায়দৰাবাদ: আকৌ এটা ভাল খবৰ ৷ অসমীয়া ছবিজগতলৈ বৃহস্পতিবাৰে নিশা আহিল এই বিশেষ ভাল খবৰটো ৷ ভাৰতীয় পেনোৰামাই ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত প্ৰদৰ্শন হ'বলগীয়া ভাৰতীয় ছবিসমূহৰ তালিকা আজি ঘোষণা কৰে ৷ ভাল লগা খবৰটো এইটোৱেই যে এই তালিকাত অন্তৰ্ভুক্ত হৈছে তিনিখনকৈ অসমীয়া ছবি ৷ ইণ্ডিয়ান পেনোৰামাই বাচনি কৰা ২০ খন ছবিৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে যদুমণি দত্ত পৰিচালিত "জুইফুল" আৰু ডঃ ববী শৰ্মা বৰুৱা পৰিচালিত "ৰ'দৰ পাখি" ৷

আনহাতে মূলসুতিৰ ছবি হিচাপে পেনোৰামাই বাচনি কৰিছে আন ৫ খন ভাৰতীয় ভাষাৰ ছবি ৷ এইখন তালিকাতো অন্তৰ্ভুক্ত হৈছে আন এখন অসমীয়া ছবি ৷ সেইখন হ'ল ৰাজেশ ভূঞা পৰিচালিত "স্বৰ্গৰথ" ৷ আনহাতে নন-ফিচাৰ ফিল্ম হিচাপে পেনোৰামাৰ জুৰীয়ে আন ২০ খন ছবিক বাচনি কৰিছে যদিও এই শিতানতকোনো অসমীয়া ছবি অন্তৰ্ভুক্ত নহ'ল ৷

অৱশ্যে এই ২০ খন নন-ফিচাৰ ছবিত অসমীয়া ছবি অন্তৰ্ভুক্ত নহ'লেও অন্যান্য ভাষাৰ ছবিৰ লগতে নিৰ্বাচিত হৈছে এখন গাৰো ভাষাৰ ছবি "চানচিচোৱা" ৷ ছবিখনৰ পৰিচালক হৈছে এলভাচিছা চাংমা আৰু দীপাংকৰ দাস ৷

উল্লেখ্য যে ভাৰতীয় আন্তৰ্জাতিক বোলছবি মহোৎসৱত ভাল ভাল ভাৰতীয় ছবিসমূহক আগবঢ়াই নিবলৈ ১৯৭৮ চনত ইণ্ডিয়ান পেনোৰামাৰ প্ৰৱৰ্তন কৰা হৈছিল ৷ গতিকে স্বাভাৱিকতে পেনোৰামাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আন্তৰ্জাতিক ছবি মহোৎসৱত প্ৰদৰ্শনৰ সুযোগ পোৱাটো এক সন্মানৰ বিষয় বুলিয়েই বিবেচিত হৈ আহিছে ৷

লগতে পঢ়ক:সুন্দৰপুৰ কেঅছ-নামতেই অমিল ! ৰহস্য ওলাব 25 অক্টোবৰৰ পিছতহে

Last Updated : 4 hours ago

ABOUT THE AUTHOR

...view details