গুৱাহাটী, 11 জুন : মুক্তিৰ পাচতে খলকনি সৃষ্টি অসমীয়া ছবি "স্বৰ্গৰথ"ৰ । তিনিটা দিনত মুঠ উপাৰ্জন ৫১ লাখ ২৮ হাজাৰ ৮৭৭ টকা । ৭ জুনত মুক্তিলাভ কৰা এই নতুন অসমীয়া ছবিখনৰ এই সফলতাই এতিয়া উৎসাহিত কৰি তুলিছে "স্বৰ্গৰথ" ৰ প্ৰযোজক, পৰিচালক তথা কলা-কুশলীসকলক ।
ইফালে ৰাজ্যৰ প্ৰায় ৬০ টা ছবিগৃহত মুক্তিলাভ কৰা এই ছবিখনে মুক্তিৰ পাচতে সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰা দেখিবলৈ পোৱা গৈছে । কোনোৱে যদি ছবিখনৰ কাহিনী, অভিনয় ইত্যাদিৰ প্ৰশংসা কৰিছে, কোনোৱে আকৌ ছবিখনৰ বিষয়বস্তু সবল নহয় বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, এক দীঘলীয়া অপেক্ষাৰ অন্তত এ এম টেলিভিছন প্ৰাইভেট লিমিটেডৰ বেনাৰত, ৰাজেশ ভূঞাৰ পৰিচালনাৰে মুক্তি পোৱা এই ছবিখন পৃথিৱীত থকা সকলৰ সৰগ সুখ লাভৰ অপাৰ ইচ্ছা তথা টকাৰ লালসাত কৰা কিছু অনৈতিক কাৰ্যকলাপ আৰু তাৰ পিচত চলি যোৱা জীৱন সংগ্ৰামৰ হাস্যৰসিক কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ।