আমগুৰি, 24 ছেপ্টেম্বৰ : ঝুমুৰ নৃত্য চাহ জনগোষ্ঠীয় লোকসকলৰ অন্যতম জাতীয় চানেকি । আগন্তুক নৱেম্বৰ মাহত গুবাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখৰ বাবে সাজু হৈছে হালোৱাটিং ঝুমুৰ নৃত্যৰ দলটি । বিশ্ববাসীৰ সন্মুখত ঝুুমুৰৰ প্ৰকৃত পৰম্পৰাক উপস্থাপনৰ বাবে সাজু হৈছে প্ৰতিগৰাকী চাহ জনগোষ্ঠীয় লোক ।
প্ৰশিক্ষক ৰমেশ বাচকেইৰ নেতৃত্বত হালোৱাটিং ঝুমুৰ নৃত্যৰ দলটোৱে দিনে-ৰাতিয়ে চলাই আছে আখৰা । বিশ্ববাসীৰ সন্মুখত প্ৰকৃত সুৰ-তাল আৰু লয়ৰ জৰিয়তে ঝুমুৰক উপস্থাপন কৰাটোৱে তেওঁলোকৰ মূল উদ্দেশ্যে । ঝুমুৰ নৃত্যত নাচনীসকলে এগৰাকীয়ে আনগৰাকীৰ হাতত ধৰি ঢোল-মাদল-তাল-বাঁহীৰ সংমিশ্ৰণত বিশেষ ভংগীমাৰে নাচে । সাধাৰণতে ডেকা-গাভৰুৱে অংশ লোৱা ঝুমুৰ নৃত্যত প্ৰথমগৰাকী নাচনীয়ে নিজৰ সোঁহাতৰ আঙুলিটো দ্বিতীয়গৰাকী নাচনীৰ বাওঁহাতৰ আঙুলিত সুমুৱাই নাচে । ঝুমুৰ নৃত্য মূলতঃ স্ত্ৰীপ্ৰধান হ’লেও পুৰুষেও ইয়াত অংশগ্ৰহণ কৰে । ডেকা-গাভৰুৱে অংশ লোৱা ঝুমুৰ নৃত্যত ডেকাই ঢোল-মাদল-তাল-বাঁহী আদি বাদ্য বজাই আৰু ঝুমুৰ গীত গায় । আবেদনময় এই নৃত্যত কৰমতী বা নাৰীসকলক প্ৰাধান্য দি ঝুমুৰ গোৱা হয় । ঝুমুৰ গীতবোৰত শ্ৰীকৃষ্ণৰ লীলা-খেলা আৰু ৰামায়ণ-মহাভাৰতৰ কাহিনী বৰ্ণোৱা হয় ।