ETV Bharat / entertainment

বিশিষ্ট নাট্যকাৰ-অভিনেতা-পৰিচালক হেমন্ত দত্তৰ আজি 82 সংখ্যক ওপজা দিন - Indian dramatist Hemanta Dutta - INDIAN DRAMATIST HEMANTA DUTTA

Eminent Artist Hemanta Dutta: ‘টাইটানিক’ যাৰ কথা ক’লে মানুহ আজিও শিহৰিত হৈ উঠে । 90 দশকতেই ইয়াক ভ্ৰাম্যমাণৰ জৰিয়তে বাস্তৱ ৰূপ প্ৰদান কৰিছিল এগৰাকী নাট্যকাৰে । যি পিছলৈ অভিলেখ হৈ পৰিছিল । অসমৰ মানুহৰ মাজত ভ্ৰাম্যমাণৰ সেই অভিলেখ আজিও ভংগ হব পৰা নাই । তেওঁ হেমন্ত দত্ত । তেওঁক কেৱল নাট্যকাৰ বুলি ক’লে ভুল হ’ব । তেওঁ একেধাৰে এগৰাকী অভিনেতা, পৰিচালক আৰু গীতিকাৰো ।

82nd-birth-anniversary-of-eminent-artist-hemanta-dutta
হেমন্ত দত্ত (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Sep 24, 2024, 1:09 PM IST

দৰং, 24 ছেপ্টেম্বৰ : অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতখনৰ কাৰণে এশৰো অধিক নাটক লিখি ভ্ৰাম্যমাণক চহকী কৰি ৰখা ব্যক্তিজন হ’ল হেমন্ত দত্ত ৷ বিভিন্ন ৰসৰ নাটক লিখি এসময়ত জনপ্ৰিয়তাৰ শীৰ্ষত আছিল হেমন্ত দত্ত । তেওঁৰ কলমত প্ৰাণ পাই উঠা মই যি বাটৰে ওলালো আজি নাহো ওলটি, সময় গতিশীল, হিয়াৰ মৰম মুকুটা হৈ, মতলীয়া বতাহে উৰি আহি ক’লে যে, নায়ক হ’ব খুজি খলনায়ক হ’লি এই চিৰ সেউজ গীতবোৰ কোনে পাহৰিব । তেওঁ অভিনেতা আৰু পৰিচালক হিচাপেও যথেষ্ঠ সুনাম কঢ়িয়াই আনিছিল । সেইগৰাকী মহান শিল্পীৰ আজি 82 সংখ্যক ওপজা দিন । ওপজা দিনটোত ইটিভি ভাৰত পৰিয়ালৰ তৰফৰ পৰা আমিও তেওঁলৈ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলো ।

শিল্পী পেঞ্চন প্ৰাপ্ত তথা অসম চৰকাৰৰ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা প্ৰাপক শিল্পী গৰাকীয়ে ভ্ৰাম্যমাণৰ বাবে 150 খনতকৈয়ো অধিক নাটক ৰচনা কৰিছে । ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যলয়ত পঢ়ি থকা সময়ৰ পৰাই গীত ৰচনা কৰিছিল তেখেতে ৷ অসমীয়া শ্ৰোতাৰ হৃদয়ত সুকীয়া স্থান দখল কৰা প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাৰ উপৰিও ৰাজেন গোঁহাই, মালবিকা বৰা আদি বহু কেইগৰাকী শিল্পীৰ কণ্ঠত প্ৰাণ পাইছিল হেমন্ত দত্তৰ গীতে ৷ তেখেতৰ কলমেৰে নিগৰিছিল.. মই যি বাটেৰে ওলালো আজি নাহো উভতি, সময় গতিশীল, এই আকাশ বৰ বিশাল, শেৱালি পাহিয়ে কোমল মিচিকি হাঁহিৰে, বুকুভৰা এই তৃষা যে, ক'তেনো আছা মোৰ কলিজাৰ আই আদি বহু সুমধুৰ গীতৰ কথা ৷ তৃতীয় শ্ৰেণীত পঢ়ি থকাৰ সময়তেই অভিনয়েৰে নিজৰ প্ৰতিভাৰ উমান দিছিল হেমন্ত দত্তই ৷ হাইস্কুলত পঢ়ি থকা সময়ত নিজেই একাংকিকা নাট লিখি শ্ৰেষ্ঠ অভিনেতা আৰু নাট্যকাৰৰ সন্মানো লাভ কৰিছিল তেখেতে ৷ তেতিয়াৰ পৰাই তেখেতে নাট্যজগতৰ ক্ৰমে গভীৰতাৰ দিশলৈ গতি কৰিছিল ৷ ভ্ৰাম্যমাণ, অপেচাদাৰী মঞ্চ অভিনয়ৰ উপৰিও বোলছবিতো অভিনয় কৰিছিল হেমন্ত দত্তই ৷ কিন্তু বৰ্তমানে শাৰিৰীক অসুস্থতাৰ বাবে কিছু পৰিমাণে যতি পৰিছে তেখেতৰ সৃষ্টিত ৷ তথাপিও কিন্তু তেখেত আশাবাদী নতুন নাটক সৃষ্টিৰ বাবে ৷

হেমন্ত দত্ত একেধাৰে অসমৰ এগৰাকী প্ৰথিতযশা নাট্যকাৰ, গীতিকাৰ, অভিনেতা তথা পৰিচালক ৷ বিগত কেইবা দশকজুৰি অসমৰ দৰ্শকলৈ বহু কেইখন জনপ্ৰিয় নাটক উপহাৰ দিছে হেমন্ত দত্তই ৷ সেই নাটকসমূহৰ ভিতৰত অন্যতম টাইটানিক, পত্নী, বেদখল, লাজ আদি ৷ কহিনুৰৰ মঞ্চত কাৰিকৰী কৌশল ব্যৱহাৰ কৰি টাইটানিক দেখুৱাবলৈ সক্ষম হৈছিল তেওঁ ৷ গীতিকাৰ হিচাপেও সুনাম আছে হেমন্ত দত্তৰ ৷ 2024 বৰ্ষৰ অচ্যুৎ লহকৰ স্মাৰক বঁটা প্ৰদান কৰা হয় তেওঁক ৷

লগতে পঢ়ক : হেমন্ত দত্তলৈ অচ্যুৎ লহকৰ স্মাৰক বঁটা-২০২৪ : সুখানুভূতি প্ৰকাশ জনপ্ৰিয় নাট্যকাৰগৰাকীৰ - Achyut Lahkar MEMORIAL AWARD 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.