thumbnail

By ETV Bharat Assamese Team

Published : 3 hours ago

ETV Bharat / Videos

শোকাৱহ পথ দুৰ্ঘটনা, অকালতে প্ৰাণ হেৰুৱালে ছাত্ৰীয়ে - Tragic road accident

নলবাৰী,২৪ ছেপ্টেম্বৰ: নলবাৰী জিলাৰ টিহুত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । এগৰাকী ছাত্ৰীয়ে স্কুটীৰে টিউচনৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত পথৰ কাষৰ নলাত সোমাই যায় স্কুটীসহ । ফলত কৰুণ মৃত্যুক আঁকোৱালি লয় ছাত্ৰীগৰাকীয়ে । ছাত্ৰীগৰাকীৰ নাম ভাস্বতী কলিতা । জানিব পৰা মতে টিহুৰ শংকৰদেৱ শিশু নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল ভাস্বতী । টিহুৰ ৩ নং ৱাৰ্ডত সংঘটিত হয় এই কৰুণ দুৰ্ঘটনাটো । ৰণাকুছি হেলচাপাৰা'ৰ বাপন কলিতাৰ কন্যা ভাস্বতী পুৱা টিউচনৰ পৰা ওভতাৰ সময়তেই এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ।  

AS-14-N-1102 নম্বৰৰ স্কুটীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই ছাত্ৰীগৰাকী নলাত সোমাই পৰে । পিছত তেওঁক নলাৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ বাবে নিয়া হয় যদিও নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ কৰুণ মৃত্যু ঘটে । চিকিৎসালয়ত চিকিৎসকে মৃত ঘোষণা কৰাত সমগ্ৰ টিহু অঞ্চলতেই এক শোকৰ ছাঁ পৰে । ইয়াৰ পিছতেই ছাত্ৰীগৰাকীৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ নিয়া হয় । 

লগতে পঢ়ক: পথ দুৰ্ঘটনাত কেইবাগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত - Road Accident

তৃতীয় বৰ্গৰ পৰীক্ষা দিবলৈ নাপালে পৰশ্ৰীয়ে; আদবাটতে কালে দিলে বাধা - ADRE 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.