ETV Bharat / politics

ৰাহুল গান্ধীৰ সংৰক্ষণ বিৰোধী মন্তব্যৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ - Protest Against Rahul Gandhi

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Assam BJP SC Morcha Protest : ৰাহুল গান্ধীৰ সংৰক্ষণ বিৰোধী মন্তব্যত জাঙুৰ খাই উঠিছে ৰাজ্যিক বিজেপি । বিদেশত সংৰক্ষণৰ বিৰুদ্ধে কৰা মন্তব্যৰ পৰিপ্ৰেক্ষিতত ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যিক বিজেপিৰ এছ চি মৰ্চাৰ । ৰাজভৱনৰ সন্মুখত কৰা এই প্ৰতিবাদত অংশগ্ৰহণ কৰে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে ।

Assam BJP SC Morcha Protest
ৰাহুল গান্ধীৰ সংৰক্ষণ বিৰোধী মন্তব্যৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ : মঙলবাৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে মহানগৰীত প্ৰতিবাদ বিজেপিৰ । ৰাহুল গান্ধীয়ে দেশৰ সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিৰুদ্ধে ৰাজভৱনৰ সন্মুখত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ উজানবজাৰৰ হনুমান মন্দিৰৰ পৰা ৰাজভৱনৰ সন্মুখলৈ এক সমদল উলিওৱা হয় । বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰৰ নেতৃত্বত দলৰ শতাধিক নেতা-কৰ্মীয়ে কংগ্ৰেছ হায় হায়, ৰাহুল গান্ধী মুৰ্দাবাদ, ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

এই প্ৰতিবাদত অংশগ্ৰহণ কৰে লোকসভাৰ সাংসদ বিজুলী কলিতা মেধিয়ে । গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰি কয়, "ৰাহুল গান্ধীয়ে সদায় ভাৰতৰ বাহিৰলৈ গৈ ভাৰতবৰ্ষৰ বিষয়ে নেতিবাচক কথা কৈ বিশ্বৰ আগত দেশক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰি আহিছে । সেয়েহে সকলোৱে ৰাহুল গান্ধীৰ বিৰুদ্ধে একগোট হৈ প্ৰতিবাদ কৰিব লাগে । যি কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সংবিধান সলনি কৰিব বুলি অপপ্ৰচাৰ চলাইছিল, সেই কংগ্ৰেছৰে নেতা ৰাহুল গান্ধীয়ে এতিয়া সংবিধান বিৰোধী বক্তব্য ৰাখিছে । সংবিধানে প্ৰদান কৰা সংৰক্ষণ ব্যৱস্থাক কংগ্ৰেছে উঠাই দিব বুলি কৈছে । এয়া অতি দুৰ্ভাগ্যজনক কথা আৰু সকলোৱে ইয়াৰ বিৰুদ্ধাচাৰণ কৰিব লাগে ।"

আনহাতে, ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সভানেত্ৰী মুন স্বৰ্ণকাৰে কয়, "গান্ধী পৰিয়ালৰ তেজতে আছে ভাৰত বিৰোধী চিন্তাধাৰা । এছ চি, এছ টি, অ' বি চিৰ সংৰক্ষণৰ বিৰোধিতা কৰে গান্ধী পৰিয়ালে । সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰকো সমালোচনা কৰা গান্ধী পৰিয়ালে সংবিধান উলংঘা কৰি আহিছে । ৰাহুল গান্ধীৰ পিতৃ, আইতাক, আজোককাক সকলোৱে সংৰক্ষণৰ বিৰোধিতা কৰি আহিছে আৰু ৰাহুল গান্ধীয়েও এতিয়া সেইটোকে কৰিছে । বিশ্বৰ বুকুত ভাৰতৰ মান লাঘৱ কৰাৰ চেষ্টা কৰি আহিছে ৰাহুল গান্ধীয়ে । ৰাহুল গান্ধীৰ নাগৰিকত্ব বাতিল কৰি বিদেশলৈ পঠিয়াব লাগে ।"

উল্লেখ্য, এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছত বিজেপিয়ে ৰাজ্যপাললৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :দলীয় সতীৰ্থক হেৰুৱাই মৰ্মাহত পবিত্ৰ মাৰ্ঘেৰিটা-যোগেন মহন - Debajit Hazarika Suicide Case
লগতে পঢ়ক :ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ দাখিল কংগ্ৰেছৰ - Assam Congress

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.