অসম

assam

ETV Bharat / entertainment

স্বৰা ভাস্কৰৰ কন্যা ৰাবিয়াৰ প্ৰথমটো ঈদ, কোন তাৰকাই কেনেকৈ উদযাপন কৰিছে ঈদ - Bollywood stars EID celebrations

Bollywood stars EID celebrations : আজি দেশজুৰি পালন কৰা হৈছে ঈদ ৷ বলীউডৰ মোহময়ী অভিনেত্ৰী স্বৰা ভাস্কৰে তেওঁৰ কন্যা ৰাবিয়াৰ প্ৰথমটো ঈদৰ ফটো শ্বেয়াৰ কৰিছে ৷

Bollywood stars EID celebrations
স্বৰা ভাস্কৰৰ কন্যা ৰাবিয়াৰ প্ৰথমটো ঈদ, কোন তাৰকাই কেনেকৈ উদযাপন কৰিছে ঈদ

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 11:55 AM IST

চিটাৰা ডেস্ক, 11 এপ্ৰিল : আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ ৷ ঈদৰ উপলক্ষে বলীউডৰ তাৰকাসকলেও অনুৰাগীসকলক সামাজিক মাধ্যমত ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷

বুধবাৰে নিশা অভিনেত্ৰী স্বৰা ভাস্কৰে ঈদ উদযাপনৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে ৷ তেওঁ নিজ কন্যা ৰাবিয়ৰ প্ৰথম 'মুন নাইট' তথা ঈদৰ ফটো শ্বেয়াৰ কৰিছে ৷ ফটোখনত ৰাবিয়াই পিতৃ ফাহাদ আহমেদৰ কোলাত উঠি চন্দ্ৰ চাই আছিল ৷

যোৱা ৮ এপ্ৰিলত স্বৰাই কন্যা ৰাবিয়াৰ অন্নপ্ৰাশনৰ ফটো শ্বেয়াৰ কৰিছিল । তাৰ পিচতে 9 এপ্ৰিলত স্বৰাই মাতৃ হিচাপে তেওঁৰ প্ৰথমটো জন্মদিন পালন কৰাৰ ফটো শ্বেয়াৰ কৰিছিল ৷

ইয়াৰোপৰি "বীৰে দি ৱেডিং" ৰ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ স্বামী তথা ৰাজনীতিবিদ ফাহাদ আহমেদে তেওঁৰ কন্যাক কোলাত লৈ চন্দ্ৰ দেখুওৱাৰ এখন সুন্দৰ মুহূৰ্ত শ্বেয়াৰ কৰিছিল ৷ এই ছবিখন শ্বেয়াৰ কৰি স্বৰাই শিৰোনামত লিখিছিল, "ৰাবিয়াৰ প্ৰথম চন্দ্ৰ নিশা । সকলোলৈকে চান্দ ৰাতৰ শুভেচ্ছা ।"

চন্দ্ৰ চোৱাৰ পিচত, দম্পতীটো ঈদ উদযাপন কৰিবলৈ নতুন পোছাক পৰিধান কৰা দেখা গৈছিল ৷ স্বৰাই তেওঁৰ ষ্টৰীত স্বামী আৰু ৰাবিয়াসহ এখন ফটোও শ্বেয়াৰ কৰিছে ৷ ফটোখনত ফাহাদে কন্যা ৰাবিয়াক কোলাত ধৰি আছে । একে সময়তে, স্বৰাই স্বামীৰ কাষত থিয় হৈ কেমেৰাৰ সন্মুখত একেলগে পোজ দিয়া দেখা গৈছে ।

স্বৰা ভাস্কৰৰ ঈদৰ শুভেচ্ছা

ঈদ উপলক্ষে, চাৰা আলী খানে তেওঁৰ ইনষ্টাগ্ৰামৰ ষ্টৰীত চন্দ্ৰ আৰু তেওঁৰ পৰম্পৰাগত পোছাক পৰিহিত এখন ফটো শ্বেয়াৰ কৰিছে ৷ লগতে চাৰাই তেওঁৰ অনুৰাগীসকলক ঈদৰ শুভেচ্ছা জনাইছে । একে সময়তে, পুলকিত সম্ৰাটে চন্দ্ৰৰ এখন ফটো শ্বেয়াৰ কৰি ঈদৰ শুভেচ্ছা জনাইছে ।

ছাৰা আলী খান

সুস্মিতা সেন, অনিল কাপুৰ, ছানী দেওল, সঞ্জয় দত্তৰ পত্নী মান্যতা, ইমৰান হাছমী, নোৰা ফাতেহীকে ধৰি বহুতো তাৰকাই অনুৰাগীসকলক ঈদৰ শুভেচ্ছা জনাইছে ৷

ছানী দেউলৰ ঈদৰ শুভেচ্ছা

লগতে পঢ়ক:কন্যা ৰাবিয়াৰ সৈতে প্ৰথম বৰদিন উদযাপন স্বৰা ভাস্কৰৰ, ফটো শ্বেয়াৰ কৰি লিখিলে হৃদয় চুই যোৱা কেপচন

ABOUT THE AUTHOR

...view details