ETV Bharat / entertainment

পুতলা থিয়েটাৰৰ বাবে জীৱন সমৰ্পণ কৰা এটা পৰিয়াল: জড়িত আছে চাৰি দশক ধৰি - NAGAON PUPPET THEATRE FAMILY

৬০০ বছৰীয়া ইতিহাস সমৃদ্ধ পুতলা থিয়েটাৰ । এই সন্দৰ্ভত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন ।

nagaon puppet theatre family
পুতলা থিয়েটাৰৰ বাবে জীৱন সমৰ্পণ কৰা এটা পৰিয়াল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 17, 2024, 3:59 PM IST

নগাঁও : অসমীয়া সংস্কৃতিৰ মূল শিপা হিচাপে বিবেচিত হৈ অহা এক লোককলা হৈছে পুতলা থিয়েটাৰ । কিন্তু কালৰ বুকুত যেন ক্ৰমাৎ হেৰাই যাব ধৰিছে এই প্ৰাচীন লোককলা পুতলা থিয়েটাৰ । কিন্তু ইয়াৰ মাজতো প্ৰাচীন লোককলা এই পুতলা থিয়েটাৰক জীয়াই ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিছে নগাঁৱৰ এটা শিল্পী পৰিয়ালৰ লগতে দুই-এক পুতলা থিয়েটাৰ দলে ।

অৱশ্যে এটা সময়ত নগাঁও, মৰিগাঁও জিলাৰ ৬-৭ টাকৈ পৰিয়াল পুতলা থিয়েটাৰৰ সৈতে জড়িত আছিল যদিও অতি সম্প্ৰতি দুই-তিনিটা দলেহে এই লোককলা চৰ্চা কৰি আছে । আধুনিকতাৰ ধামখুমীয়াৰ মাজত সম্পূৰ্ণ থলুৱা কাৰিকৰী কৌশলেৰে প্ৰদৰ্শন কৰা পুতলা নাচৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ বাবেই একাধিক দলে পুতলা থিয়েটাৰ এৰিবলৈ বাধ্য হোৱা বুলিও দাবী কৰে স্থানীয় সচেতন লোকে ।

পুতলা থিয়েটাৰৰ বাবে জীৱন সমৰ্পণ কৰা এটা পৰিয়াল (ETV Bharat Assam)

পুতলা থিয়েটাৰ কি ?

অসমীয়া সাংস্কৃতিক জগতৰ এক প্ৰাচীন লোককলা হৈছে পুতলা থিয়েটাৰ । মঞ্চত পুতলাৰ জৰিয়তেই প্ৰদৰ্শন কৰা হয় নৃত্য, নাটক আদি । হুবহু মানুহৰ দৰেই পুতলাৰ জৰিয়তে কৰোৱা হয় অভিনয় । অভিনেতা-অভিনেত্ৰীৰ সাজসজ্জাৰে মঞ্চত পুতলাৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰাৰ সময়ত কলা-কুশলীসকলে পৰ্দাৰ আঁৰৰ পৰা সংগীত পৰিবেশন, সংলাপ আগবঢ়ায় ।

মঞ্চত এবাৰ অনুষ্ঠান প্ৰদৰ্শনত ১৫-২০ গৰাকীকৈ লোক জড়িত হ'বলগীয়া হয় । ভালুকমাৰী অঞ্চলৰ গিৰিধৰ সেনাপতিৰ পৰিয়ালৰ প্ৰায় আটাইকেইগৰাকী সদস্যই জড়িত হৈ আছে প্ৰাচীন লোককলা এই পুতলা থিয়েটাৰৰ সৈতে । নগাঁৱৰ ভালুকমাৰী অঞ্চলৰ গিৰিধৰ সেনাপতি বিগত প্ৰায় ৪০ বছৰ ধৰি পুতলা থিয়েটাৰৰ সৈতে জড়িত হৈ আছে ।

১৯৭৭ চনতে শ্ৰীমন্ত শংকৰদেৱ পুতলা থিয়েটাৰৰ সৈতে জড়িত হৈ ১৯৭৯ চনত গিৰিধৰ সেনাপতিয়ে জন্ম দিয়া নৱৰত্ন পুতলা থিয়েটাৰৰ জৰিয়তে প্ৰাচীন লোককলা পুতলা নাচ জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেনাপতিৰ পৰিয়ালে । সেই সময়ত ভ্ৰাম্যমাণৰ মঞ্চত প্ৰদৰ্শিত পুতলা থিয়েটাৰৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাখনতে কেইবাটাও পুতলা থিয়েটাৰৰ দল জন্ম হৈছিল যদিও পৰৱৰ্তী সময়ত বহুকেইটা দলেই বন্ধ হৈ পৰে ।

কিন্তু তাৰ পাছতো আজিও জিলাখনত এই লোককলাক জীয়াই ৰাখিছে নৱৰত্ন পুতলা থিয়েটাৰৰ লগতে পঞ্চৰত্ন পুতলা থিয়েটাৰ দলে । বিগত প্ৰায় ৪০ বছৰ ধৰি পুতলা থিয়েটাৰৰ সৈতে জড়িত নৱৰত্ন পুতলা থিয়েটাৰ দলটোৱে মঞ্চত বেউলা-লক্ষীন্দৰ, সাবিত্ৰী-সত্যৱান, ভক্ত প্ৰহ্লাদ, অকাল বোধন, দক্ষ যজ্ঞ, ৰজা হৰিচন্দ্ৰ, গাভৰু জুই, নাঙঠ মানুহ আদি পৌৰাণিক আৰু সামাজিক নাটক মঞ্চস্থ কৰি আহিছে ।

গিৰিধৰ সেনাপতিৰ এই শিল্পকৰ্মত আৰম্ভণিৰে পৰা সহযোগ কৰি আহিছে তেওঁৰ পত্নী পদ্মা সেনাপতিয়ে । শেহতীয়াকৈ গিৰিধৰ সেনাপতিৰ পত্নী পদ্মা সেনাপতি, পুত্ৰ ৰূপন সেনাপতিৰ উপৰি কন্যা জোনমণি বৰাও জড়িত হৈ পৰিছে পুতলা থিয়েটাৰৰ সৈতে । নৱৰত্ন পুতলা থিয়েটাৰে গিৰিধৰ সেনাপতিৰ লগতে পত্নী পদ্মা সেনাপতিয়ে পুতলা নির্মাণ, পুতলাৰ সাজসজ্জা প্ৰস্তুত কৰা, পুতলা নচুওৱা, গীত গোৱা, বাদ্য সংগত কৰা, সংলাপ দিয়া আদি কামত সম্পূৰ্ণ সহযোগ কৰি আহিছে ।

পুতলা থিয়েটাৰৰ ইতিহাস

প্ৰাচীন লোককলা পুতলা থিয়েটাৰ প্ৰথমে কোন ঠাইত আৰম্ভ হৈছিল তাক লৈ আজিও মাৰ যোৱা নাই বিতৰ্কৰ । এই সন্দৰ্ভত গিৰিধৰ সেনাপতিয়ে কয়, "কোনো কোনো পণ্ডিতৰ মতে প্ৰথমে চীন দেশত, আন কাৰোবাৰ মতে ৰাজস্থানত প্ৰথমে আৰম্ভ হৈছিল পুতলা থিয়েটাৰ। সেয়া যিয়েই নহওক, অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ লগে লগে সৃষ্টি কৰা অংকীয়া নাটো পুতলা নাচ আৰু ওজাপালিৰ দ্বাৰাই প্ৰচাৰ কৰিছিল বুলিও বিভিন্নজনে দাবী কৰি আহিছে । অসমৰ পুতলা থিয়েটাৰৰ ইতিহাস ৫০০-৬০০ বছৰ পুৰণি ।"

তেওঁ লগতে কয়, "আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যাব ধৰা পুতলা থিয়েটাৰ আজিৰ প্ৰজন্মৰ সৈতে খাপ খুৱাই পূৰ্বৰ জনপ্ৰিয়তা ওভতাই আনিবলৈ পুতলা থিয়েটাৰকো কিছু আধুনিকীকৰণ কৰাৰ প্ৰয়োজনীয়তা আছে ।"

চৰকাৰৰ ভূমিকাক লৈ কি কয় সচেতন লোকে ?

এই সন্দৰ্ভত নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক চন্দনজ্যোতি বৰাৰ মন্তব্য, "অসমৰ এক ইতিহাস থকা পুতলা থিয়েটাৰক নগাঁৱৰ দুই-চাৰিটা দলে আৰ্থিক দীনতাৰ মাজতো জীয়াই ৰখাৰ প্ৰচেষ্টা কৰি আহিছে । প্ৰাচীন লোককলা পুতলা থিয়েটাৰক জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰেও বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । এই লোককলাক জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন ।"

লগতে পঢ়ক :চিনাকী নিমকীৰ সফলতাৰ অচিনাকী কাহিনী - DIBRUGARH BUSINESS WOMEN
লগতে পঢ়ক :গ্ৰিটিংছ কাৰ্ড: সময় আৰু সোঁৱৰণীৰ গৰ্ভত লীন যোৱা এক নষ্টালজিক গাথা - GREETINGS CARD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.