গুৱাহাটী: ছিগাল থিয়েটাৰৰ উদ্যোগত দেশৰ ভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰা হ'ব এখন বিশেষ নাটক । লণ্ডনৰ বিখ্যাত অভিনয় প্ৰতিষ্ঠান ৰয়েল একাডেমি অৱ ড্ৰামাটিক আৰ্টছৰ দুগৰাকী স্নাতক বৰ্ষা বাহাৰ আৰু ফেডেৰিকা ৰুজ্জেয়েৰীয়ে অহা ১৮ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ বিভিন্ন চহৰত পৰিৱেশন কৰিব UNSEWN নামৰ নাটখন ।
নাটকখনৰ ভাৰত ভ্ৰমণসূচী অনুসৰি অহা ১৮ আৰু ১৯ ডিচেম্বৰ গুৱাহাটীৰ ছিগালত দুদিনীয়া কাৰ্যসূচীৰে মঞ্চস্থ কৰা হ'ব নাটখন । আনহাতে ২৩ ডিচেম্বৰত কলকাতাৰ একাডেমিত অনুষ্ঠিত হ'বলগীয় ‘নান্দীকাৰ নাট্য উৎসৱ’ত নাটখন প্ৰদৰ্শন কৰা হ'ব । ২৬ ডিচেম্বৰত নতুন দিল্লীৰ “ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়”ৰ উদ্যোগত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ'ব ।
সমান্তৰালভাৱে ২৯ ডিচেম্বৰত বেংগালুৰুৰ 'ৰংগশংকৰা'ত আৰু ২ জানুৱাৰীত মুম্বাইৰ 'ৰংগশীলা'ত মঞ্চস্থ কৰা হ'ব নাটখন । উল্লেখযোগ্য যে, UNSEWN নাটখনৰ ৰচনা আৰু পৰিচালনা বৰ্ষা বাহাৰ আৰু ফেডেৰিকা ৰুজ্জেয়েৰী । নাট্যশিল্পী দুগৰাকীয়ে জনোৱা অনুসৰি,"নাটখন ইতিমধ্যে লণ্ডনৰ ভিন্ন ঠাইত প্ৰদৰ্শন কৰি ইতিমধ্যে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । নাটখনত দুটা সংস্কৃতিৰ সংমিশ্ৰণ কৰা হৈছে । প্ৰথম অৱস্থাত নাটখন ২০ মিনিটৰ আছিল, কিন্তু এতিয়া গৈ গৈ নাটখন ১ ঘণ্টা কৰা হৈছে ।"
ইফালে অসমকন্যা বৰ্ষা বাহাৰে ছিগালৰ হৈ ইতিমধ্যে কেবাখনো নাটকত অভিনয় কৰিছে । ‘ডান্সিং মিজাৰৱলি’ নামৰ নাটক ৰচনা আৰু পৰিচালনাও কৰিছে বর্ষাই । নিজৰ কাহিনীৰ নিৰ্মিত চিনেমা ‘দ্য চেভেন্থ ষ্ট্ৰীং’ ত অভিনয় কৰি প্ৰাগ চিনে এৱাৰ্ডত পুৰস্কাৰ লাভ কৰিবলৈও সক্ষম হৈছে অভিনেত্ৰীগৰাকীয়ে ।
আনহাতে ফেডেৰিকা ৰুজ্জেয়েৰী হৈছে ইটালীৰ অভিনেত্ৰী আৰু বৰ্তমানে লণ্ডনত অভিনয় কৰি আছে । কেইবাখনো চিনেমাত অভিনয় কৰিছে ফেডেৰিকাই । দেশৰ ভিন্ন প্ৰান্তত মঞ্চস্থ হবলগীয়া এই নাটখনৰ পোহৰৰ দায়িত্বত আছে দিৱস জ্যোতি বৰুৱা, লগতে সংগীত সঞ্চালন কৰিব প্ৰশান্ত কলিতাই । নাটখনৰ এটি সৰু চৰিত্ৰত অভিনয় কৰিব জীয়া বাহাৰে ।