গুৱাহাটী: ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে ৰচনা, পৰিচালনা আৰু প্ৰযোজনা কৰা ছিকুৱেল 'ভিলেইজ ৰকষ্টাৰ্ছ ২' এ পুনৰ অসমীয়া সাংস্কৃতিক দিশলৈ কঢ়িয়াই আনিছে এক ভাল খবৰ । আগন্তুক বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হ'বলগীয়া বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত ইউৰোপীয়ান প্ৰিমিয়াৰ হ'ব ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ ২'ৰ । বাৰ্লিনত ১৩ ফেব্ৰুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব এই চলচ্চিত্ৰ মহোৎসৱ ।
২৯ সংখ্যক বুছান ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত ৱৰ্ল্ড প্ৰিমিয়াৰ হ'বলগীয়া এই ছবিখনে শেহতীয়াকৈ বুছান ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ চিনেমাৰ 'Kim Jiseok' বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । লগতে মামি মুম্বাই ফিল্ম ফেষ্টিভেলতো এই চিনেমাখনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ হৈছিল । 'বুলবুল কেন ছিঙ'ৰ পাছত বাৰ্লিনত প্ৰদৰ্শিত হ'বলগীয়া ৰীমা দাসৰ এইখন দ্বিতীয় ছবি । এই ছবিখনত অভিনয় কৰিছে ভনিতা দাস, বাসন্তী দাস, জুনুমণি বড়ো, বলোৰাম দাস, মানৱেন্দ্ৰ দাসে ।
![Village Rockstar 2 at the Berlin International Film Festival](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18-12-2024/villagerockstars2_18122024162519_1812f_1734519319_1066.jpg)
ছবিখনৰ এই সফলতাত আনন্দিত হৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে এক প্ৰেছ বাৰ্তা যোগে কয়,"বাৰ্লিনলৈ যোৱাটো মোৰ বাবে সদায় এক অবিস্মৰণীয় অভিজ্ঞতা । বিশ্বৰ নানা দেশৰ দৰ্শকৰে এয়া এক সুন্দৰ ফিল্ম ফেষ্টিভেল আৰু মই বাৰ্লিনৰ শীতৰ এই পৰিৱেশ ভাল পাওঁ । এছিয়াৰ সন্মানীয় ফিল্ম ফেষ্টিভেলসমূহত সহাঁৰি পোৱাৰ পাছত এতিয়া আমি বাৰ্লিনতো দৰ্শকৰ সৈতে সংযুক্ত হ'বলৈ উৎকণ্ঠিত । এয়া এটা বৃত্তৰ সম্পূৰ্ণ হোৱাৰ দৰে অনুভৱ ।"
ৰীমা দাসে পুনৰ কয়,"আমাৰ এই চিনেমাখনৰ বিষয়ে বিভিন্ন মানুহে কৰা মন্তব্যত মই আনন্দিত । বহু লোকে জনাইছে, 'ভিলেজ ৰকষ্টাৰ' ৰ সৈতে মোৰ আন্তৰিক আৰু নিবিড় সম্পৰ্ক চিনেমাখনত প্ৰতিফলিত হোৱাটো তেওঁলোকে লক্ষ্য কৰিছে । "ভিলেজ ৰকষ্টাৰ ২" বাৰ্লিনত প্ৰদৰ্শন হ'বলৈ যোৱাটোৱে আমাক শিহৰিত কৰিছে আৰু আমি নতুন অভিজ্ঞতা আৰু সম্ভাৱনা অন্বেষণ কৰিব পাৰিম বুলি আশাবাদী ।"
লগতে ছবিখনৰ কাহিনীৰ আধাৰ সন্দৰ্ভত পৰিচালকগৰাকীয়ে উল্লেখ কৰে, "এখন গাঁৱৰ এগৰাকী কিশোৰীয়ে তেওঁৰ সাংগীতিক সপোন পূৰণ কৰাৰ পথ বিচাৰে । কিন্তু জীৱনৰ কঠোৰ বাস্তৱতা তাইৰ সৰলতাৰ প্ৰত্যাহ্বান হৈ পৰে । এনে দ্বন্দ্বৰ মাজেৰে সংগীত আৰু জীৱনৰ অংগাংগী সম্পৰ্ক পুনৰ আৱিষ্কাৰ কৰাৰ যাত্ৰাৰে তাই সপোনৰ নতুন সমলয় আৰু সুৰ সমাহাৰৰ অভিমুখী হয় ।"