অসম

assam

ETV Bharat / entertainment

মালয়েছিয়াত অনুষ্ঠিত ফেশ্বন শ্ব’ত অসমৰ 6 কিশোৰ-কিশোৰীৰ সাফল্য - FASHION SHOW IN MALAYSIA

Tourism ambassador universe international season six :

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 10:12 PM IST

FASHION SHOW IN MALAYSIA
গুৱাহাটীত স্পাৰ্ক ইভেণ্ট গ্ৰুপৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, 8 জুলাই : বাকৰি আফাদৰ উদ্যোগত মালয়েছিয়াৰ কোটা কিনাবুলুত আয়োজিত ষষ্ঠ সংখ্যক টুৰিজিম এম্বেচাদৰ ইউনিভাৰ্চ ইণ্টাৰনেশ্যনেল(Tourism ambassador universe international season six) শীৰ্ষক এক ফেশ্বন শ্ব’ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ ছয়গৰাকী কিশোৰ-কিশোৰীয়ে ৷

ফেশ্বন জগতত অসমৰ কিশোৰ-কিশোৰীৰ সাফল্য (ETV Bharat Assam)

বিগত 30 জুনৰ পৰা 6 জুলাইলৈ অনুষ্ঠিত মিষ্টাৰ ইণ্টাৰনেশ্যনেল খিতাপ অৰ্জন কৰিছে(Mr International Subtitle) নিশান্ত সিনহাই, Grand Miss Winner Universe খিতাপ অৰ্জন কৰিছে কুমকুম চেত্ৰীয়ে ৷ তাৰোপৰি বিশ্ৰুতি বৰাই Grand Miss Winner Universe (Princess) খিতাপ, বজৰং চন্দ্ৰ দাসে Mr International ( Prince Category) খিতাপ, তানিচি বিষ্ণুৱে Miss World (Princess Category) খিতাপ, সৰ্বেধ গাওংকাৰে Mr World (Prince Category) ৰ খিতাপ দখল কৰে ৷

লগতে পঢ়ক:সকলো পাৰ্টীতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব আপুনি; অনুসৰণ কৰক কংগনা ৰনৌতৰ এই ফেশ্বন টিপছ - Kangana Ranaut

এই প্ৰতিযোগিতাত ভাৰত, জাপান, ফিলিপাইনছ, নেপাল, মালয়েছিয়া, হংকং, ভিয়েটনামকে ধৰি 19 খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰিছিল ৷ এই কথা এক সংবাদমেলযোগে সোমবাৰে সদৰী কৰিছে স্পাৰ্ক ইভেণ্ট গ্ৰুপৰ পৰিচালক ৰিজু মিলাৰে ৷

মিলাৰে এই সাফল্যৰ সন্দৰ্ভত কয় যে, স্পাৰ্ক ইভেণ্ট গ্ৰুপৰ পৰিচালনাত বিগত বৰ্ষত গোৱাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল ৷ এই সৌন্দৰ্য প্ৰতিযোগিতাত বহু অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ ভিতৰত ছয়জনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত খিতাপ লাভ কৰিছিল ৷ এই ছয়গৰাকী প্ৰতিযোগীয়ে টুৰিজিম এম্বেচাদৰ ইউনিভাৰ্চ ইণ্টাৰনেশ্যনেল ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

এই সাফল্যই স্বাভাৱিকতে দেশৰ লগতে ৰাজ্যৰ ফেশ্বন উদ্যোগটোলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ এয়া নিসন্দেহে ফেশ্বন উদ্যোগটোক কেৰিয়াৰ হিচাপে বাছি লোৱা নৱপ্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ উৎস ৷

লগতে পঢ়ক:শ্ৰদ্ধা-শ্বানায়া-খুশীৰ ফিটনেছ মন্ত্ৰ কি বাৰু জানেনে ? - BOLLYWOOD ACTORS SPOTTED

ABOUT THE AUTHOR

...view details