চিটাৰা ডেস্ক, 31 মে’ : দুখনো কাৰ জীৱনত নাথাকে ? সংগ্ৰামনো কোনে নকৰে ? প্ৰতিজন মানুহেই কিবা নহয় কিবা কথাত আজিকালি ভুগি থাকে ৷ কিছুমানে যেনিবা এইবোৰ কথা খোলাখুলিকৈ পাতিব পাৰে, আন কিছুমানে বুকুতে থৈ জীৱন যুঁজত আগবাঢ়ি যোৱাৰ প্ৰচেষ্টা চলাই থাকে ৷ পিছে কোনোবাখিনিত সাধাৰণ মানুহ আৰু চেলেব্ৰিটীসকলৰ মাজত কৰবাত পাৰ্থক্য আছে ৷ কাৰণ চেলেব্ৰিটীৰ জীৱনটো ব্যক্তিগত হৈ নাথাকে ৷ সংবাদমাধ্যমৰ পৰা আৰম্ভ কৰি সাধাৰণ মানুহলৈকে সকলোৱে তেওঁলোকৰ জীৱনটো খুচৰি ফুৰে ৷ বিভিন্ন ধৰণৰ শ্ব’ত তাৰকাসকলক তেওঁলোকৰ ব্যক্তিগত জীৱনক লৈ প্ৰশ্নও সোধা হয় ৷ কাৰণ অনুৰাগীয়ে জানিব বিচাৰে যে !
অনুৰাগীৰ যেন একচেটিয়া অধিকাৰ আছে নিজৰ প্ৰিয় তাৰকাৰ ওপৰত ৷ কি নকৰে অনুৰাগীয়ে ! ছ’চিয়েল মিডিয়াত প্ৰিয় তাৰকাৰ হৈ মাত মতা, আন দহজনৰ আগত তেওঁক শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰা, কোনোবাই তেওঁক ট্ৰ’ল কৰিলে ওলোটাই তেওঁলোকক ট্ৰ’ল কৰা, ব্যক্তিগতভাৱে লগ কৰিবলৈ যোৱা; কি নকৰে অনুৰাগীয়ে ৷ সামান্থা ৰুথ প্ৰভুও সাংঘাতিক প্ৰিয় এগৰাকী অভিনেত্ৰী ৷ তেওঁৰো আছে যথেষ্ট অনুৰাগী ৷ নাগা চৈতন্যৰ সৈতে বিবাহ বিচ্ছেদৰ সময়ত ভাগি পৰা সামান্থাৰ বাবে অনুৰাগী আছিল এক ডাঙৰ সাহস ৷ তাৰ পিচত যেতিয়া মাইঅ’চাইটিছত তেওঁ আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰিছিল, তেতিয়াও সকলোৱে সামান্থাক উৎসাহ যোগাইছিল ৷
পিছে শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে পুনৰ এক সংগ্ৰামৰ কথা উল্লেখ কৰিছে ৷ আৰু এই সংগ্ৰাম সঁচা বুলি উল্লেখ কৰিছে ৷ কিনো জানো আহকচোন-
শুকুৰবাৰে সামান্থাই তীব্ৰ ৱৰ্কআউট চেছন শ্বেয়াৰ কৰে । পোষ্টটোত তেওঁ ৪২ কিলোগ্ৰাম ওজনৰ বাৰবেল তুলি নিজৰ উল্লেখযোগ্য শক্তি প্ৰদৰ্শন কৰিছে । অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু এগৰাকী ফিটনেছ ভাল পোৱা অভিনেত্ৰী, যি প্ৰায়ে তেওঁৰ অনুৰাগীসকলক তেওঁৰ তীব্ৰ ব্যায়ামৰ আভাস দি থাকে ৷ তেওঁলোকক অনুপ্ৰাণিত কৰে তেওঁ এইদৰে । শুকুৰবাৰেও, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ প্ৰশিক্ষক জুনেইদ শ্বেখৰ নিৰ্দেশনাত 42 কিলোগ্ৰাম বাৰবেল আকৰ্ষণীয়ভাৱে তুলি লোৱাৰ মুহূৰ্ত শ্বেয়াৰ কৰে ৷