চিটাৰা ডেস্ক, ১৫ ফেব্ৰুৱাৰী: বলীউডৰ কিং শ্বাহৰুখ খানৰ ‘ডাংকি’ ছবিখনে বক্স অফিচত ভাল উপাৰ্জন লাভ কৰিছিল । যোৱা বছৰৰ শেষৰ ফালে মুক্তি পোৱা এই ছবিখনক দৰ্শকে যথেষ্ট মৰম দিছিল । ছবিগৃহত মুক্তি পোৱাৰ পিচত অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল এই ছবিখনৰ অ’টিটি মুক্তিৰ বাবে ।
ইফালে শেহতীয়াকৈ ভেলেণ্টাইন ডে’ উপলক্ষে শ্বাহৰুখ খানে অনুৰাগীক ছাৰপ্ৰাইজ দিয়াৰ কথা কৈছিল আৰু অৱশেষত কিং খানে অনুৰাগীক দিলে ভেলেণ্টাইন ডে’ৰ উপহাৰ । ‘ডাংকি’ মুক্তি পালে অ’টিটিত । কোনটো OTT প্লেটফৰ্মত শ্বাহৰুখ খানৰ এই ছবিখন চাব পাৰিব জানো আহক এই প্ৰতিবেদনত ।
শ্বাহৰুখ খানৰ ডাংকি ছবিখন অ’টিটিত আহিব বুলি বহুদিনৰে পৰা চৰ্চা চলি আছিল ৷ অৱশ্যে এই ছবিখনৰ অধিকাৰ কোনটো অ’টিটি প্লেটফৰ্মে ক্ৰয় কৰিব সেয়া হে লক্ষণীয় বিষয় আছিল । অৱশেষত অ’টিটিত মুকলি হ’ল ৰাজকুমাৰ হিৰানীৰ ডাংকি আৰু নেটফ্লিক্সে ক্ৰয় কৰিছে এই ছবিখনৰ অধিকাৰ ।