চিটাৰা ডেস্ক, 30 জুলাই :চনু নিগমৰ নামটো শুনিলেই এটা সুমধুৰ কণ্ঠৰ কথাই মনলৈ আহে ৷ চনু নিগম হৈছে 90 ৰ দশকৰ প্ৰথমগৰাকী গায়ক, যিয়ে সকলো ধৰণৰ গানতে কণ্ঠদান কৰিছিল ৷ বেদনাদায়ক, ৰোমান্টিক, পাৰ্টী থীম সকলোধৰণৰ গান গাই বিখ্যাত হৈ পৰিছিল চনু নিগম ।
বিশ্বজুৰি ভৰি আছে চনু নিগমৰ অনুৰাগী । আজিও হাজাৰ হাজাৰ অনুৰাগী তেওঁৰ সংগীতানুষ্ঠানৰ বাবে একত্ৰিত হয় । চনু নিগমে আজি 51 বছৰীয়া জন্মদিন উদযাপন কৰিছে । বিশেষ দিনটোত চাৰিওফালৰে পৰা অভিনন্দন লাভ কৰিছে তেওঁ । চনু নিগমৰ জন্মদিন উপলক্ষে, আমি শীৰ্ষ 10 টা ৰোমাণ্টিক গানৰ তালিকা আগবঢ়াইছো যি শাওণ মাহটো আৰু অধিক ৰোমান্টিক কৰি তুলিব ।
মে অগৰ কহু
ওম শান্তি ওম চলচ্চিত্ৰখনৰ 'মে অগৰ কহু' গানটো এটা বিশুদ্ধ ৰোমান্টিক গান, য’ত কণ্ঠদান কৰিছে চনু নিগমে । 'মে অগৰ কহু'ত শ্বাহৰুখ খানে প্ৰথমবাৰৰ বাবে দীপিকাৰ সৈতে ৰোমাণ্টিক ষ্টাইলত কাম কৰে ।
তুমহি দেখ’ না
'কভি অলবিদা না কেহনা' ছবিখনৰ সকলো গীতেই ছুপাৰহিট । ছবিখনত ৰাণী মুখাৰ্জী আৰু শ্বাহৰুখ খানকলৈ চিত্ৰগ্ৰহণ কৰা তুমহি দেখ’ না গীতটো ইমান সুন্দৰকৈ গাইছে চনু নিগমে যে শুনিলে শুনি থাকিব মন যায় ৷
সূৰজ হুৱা মধ্যম