চিটাৰা ডেস্ক, ১৩ মাৰ্চ:শেহতীয়াকৈ খবৰ ওলাইছিল যে প্ৰয়াত পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ মাতৃয়ে গৰ্ভধাৰণ কৰিছে । কেৱল ইমানেই নহয়, আইভিএফ প্ৰযুক্তিৰ সহায়ত ৫৮ বছৰ বয়সত সিদ্ধুৰ মাতৃ গৰ্ভৱতী হোৱাৰ লগতে যমজ সন্তান জন্ম দিব পাৰে বুলি খবৰ ওলাইছিল । কিন্তু এতিয়া প্ৰয়াত গায়কগৰাকীৰ পিতৃ বালকৌৰ সিঙে এই সকলোবোৰ উৰাবাতৰিক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰি ইংগিত দিছে যে তেওঁৰ পত্নী চৰণ কৌৰ গৰ্ভৱতী নহয় আৰু সকলো খবৰ ভিত্তিহীন ।
মুছেৱালাৰ পিতৃয়ে নাকচ কৰিলে পত্নীৰ গৰ্ভধাৰণৰ খবৰ !
মঙলবাৰে সিদ্ধু মুছেৱালাৰ পিতৃ বালকৌৰ সিঙে নিজৰ ফেচবুক একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছিল যে তেওঁৰ পৰিয়ালৰ বিষয়ে কেইবাটাও উৰাবাতৰিয়ে বাতৰিৰ শিৰোনাম দখল কৰিছে । তেওঁ সকলোকে এনে উৰাবাতৰি বিশ্বাস নকৰিবলৈ আহ্বান জনায় আৰু সময় আহিলে পৰিয়ালটোৱে সঁচা খবৰটো শ্বেয়াৰ কৰিব বুলিও যুক্তি আগবঢ়ায় ।
তেওঁ নিজৰ পোষ্টত পাঞ্জাবী ভাষাত লিখিছে, ‘‘আমাৰ পৰিয়ালক লৈ চিন্তিত সিদ্ধুৰ অনুৰাগীসকলৰ প্ৰতি আমি কৃতজ্ঞ । কিন্তু আমাৰ অনুৰোধ যে পৰিয়ালটোক লৈ ইমানবোৰ উৰাবাতৰি চলি আছে, এইবোৰক বিশ্বাস নকৰিব । যি খবৰ আছে, আমাৰ পৰিয়ালে আপোনালোক সকলোৰে লগত শ্বেয়াৰ কৰিব ।’’