ETV Bharat / entertainment

কহিনুৰত আৰু দেখিবলৈ পোৱা নাযাব ‘টাইটানিক’ - KOHINOOR MOBILE THEATER TITANIC

টাইটানিক সন্দৰ্ভত কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰৰ সিদ্ধান্তত মই অপমান বোধ কৰিছো, অসুস্থ দেহাৰে সাংবাদিকৰ আগত নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্তৰ মন্তব্য ৷

scriptwriter hemanta dutta's famous play Titanic will no longer be performed in mobile theater Kohinoor
নাট্যকাৰ হেমন্ত দত্ত-পুত্ৰ অনিৰ্বাণ দত্ত (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : 15 hours ago

মঙলদৈ : অসমৰ ভ্ৰাম্যমান থিয়েটাৰ জগতত কহিনুৰ থিয়েটাৰৰ এক সুকীয়া স্থান আছে । এই কহিনুৰ থিয়েটাৰেই 1998 চনত প্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰিছিল নাট্যকাৰ হেমন্ত দত্তৰ 'টাইটানিক' নাটখন আৰু সেই সময়ত এই নাটকখনে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল ।

কহিনুৰ থিয়েটাৰৰ প্ৰযোজক ৰতন লহকৰৰ মৃত্যুৰ পিছত ইয়াৰ দায়িত্ব লয় তেওঁৰ পুত্ৰ তপন লহকৰে । এইবাৰ কহিনুৰ থিয়েটাৰে পুনৰবাৰ 'টাইটানিক' মঞ্চস্থ কৰিবলৈ ঠিক ঠাক কৰি নাটকখনৰ পাণ্ডুলিপি নাট্যকাৰ হেমন্ত দত্তৰ পৰা সংগ্ৰহ কৰি প্ৰস্তুতি চলায় ।

পুত্ৰ সহিতে নাট্যকাৰ হেমন্ত দত্তৰ ভাষ্য (ETV Bharat Assam)

সকলো ঠিকেই আছিল যদিও নাটকখনৰ পৰিচালকক লৈ অথন্তৰ লাগে । নাট্যকাৰ হেমন্ত দত্তই বিচাৰিছিল তেওঁৰ পুত্ৰ অভিনেতা, পৰিচালক অনিৰ্বাণ দত্তই নাটকখন পৰিচালনা কৰাটো । কিন্তু কহিনুৰৰ প্ৰযোজক তপন লহকৰে অনিৰ্বাণ দত্তই উক্ত নাটকখন পৰিচালনা কৰাটো বিচৰা নাই । ইয়াৰ পৰিৱৰ্তে প্ৰযোজক তপন লহকৰে নিজাকৈ নাটকখন পৰিচালনা কৰিবলৈ লোৱাত খৰ্গহস্ত হৈ পৰে নাট্যকাৰ হেমন্ত দত্তৰ লগতে তেওঁৰ পুত্ৰ-পৰিচালক অনিৰ্বাণ দত্ত ৷

মঙলদৈৰ ভেবাৰঘাটস্থিত বাসগৃহত শনিবাৰে হেমন্ত দত্ত আৰু অনিৰ্বাণ দত্তই এক সংবাদমেল সম্বোধন কৰি কয় যে নাট্যকাৰক নোসোধাকৈ নাটকৰ কাম কৰি থকাটো তেওঁলোকে বিচৰা নাই । নাট্যকাৰ হেমন্ত দত্তই এইবাৰ নাটখন পৰিচালনাৰ বাবে পুত্ৰ অনিৰ্বাণক দায়িত্ব দিছিল যদিও সেই কথা প্ৰযোজকে অমান্য কৰি নিজাববীয়াকৈ পৰিচালনা কৰিবলৈ লোৱাত অসন্তুষ্ট হৈ পৰে পিতা-পুত্ৰ । সেয়েহে তেওঁলোকে 'টাইটানিক' নাটকখন কহিনুৰ থিয়েটাৰৰ পৰা ওভতাই অনাৰ সিদ্ধান্ত সাংবাদিকৰ আগত ব্যক্ত কৰে ।

হেমন্ত দত্তই কয়, " নাটকখন ঘূৰাই অনাৰ সিদ্ধান্ত ল'লো, তেওঁলোকক নাটকখন দিয়াত এতিয়া মোৰ সন্মতি নাই, তেওঁলোকক কৰিবলৈ দিবলৈ ইচ্ছা নাই ৷" অনিৰ্বাণ দত্তই কয় যে, ভৱিষ্যতে হেমন্ত দত্তৰ কোনো নাটকেই কহিনুৰ থিয়েটাৰক দিয়া নহ'ব আৰু ইতিমধ্যে টাইটানিকৰ পাণ্ডুলিপি ওভতাই দিবলৈ কহিনুৰ থিয়েটাৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা হৈছে । তেওঁ লগতে এই কথাও উল্লেখ কৰে যে কোনো অন্য নাট্যগোষ্ঠীয়ে যদি টাইটানিক নাটকখন ল’ব বিচাৰে, তেন্তে তেওঁলোকৰ লগত আলোচনা মৰ্মে নাটকখন দিবলৈ তেওঁলোক দুয়ো ৰাজী আছে ।

লগতে পঢ়ক : গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেক মৃত্যু দিৱসত সশ্ৰদ্ধ নমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.