অসম

assam

ETV Bharat / entertainment

শ্ব' মাষ্ট গ' অন ! পিতৃৰ মৃত্যুৰ খবৰ পায়ো মঞ্চত হাঁহি হাঁহি কৰিবলগীয়া হ'ল প্ৰেমৰ দুৰ্দান্ত অভিনয় - RAJLAKSHMI THEATRE CHANDAN DEKA

মঙলদৈত ভ্ৰাম্যমাণ থিয়েটাৰৰ দলটো উপস্থিত হোৱাৰ পিছতে পিতৃৰ মৃত্যুৰ বাতৰি লাভ কৰে পুত্ৰই । পিছে উপায় নাই, নাটক শেষ নকৰাকৈ যাব নোৱাৰে পিতৃৰ কাষলৈ ।

despite his fathers death actor Chandan Deka continues to perform because of his commitment
থিয়েটাৰৰ প্ৰতি থকা দায়বদ্ধতা (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Nov 5, 2024, 6:08 PM IST

মঙলদৈ: ইংৰাজীত এষাৰ কথা আছে- show must go on ! কেতিয়াবা কেতিয়াবা খুব জটিল আৰু কৰুণ মুহূৰ্তত যেন কাৰোবাৰ জীৱনত সত্য প্ৰমাণিত হৈ পৰে এই আপ্তবাক্যশাৰী ! এফালে চিকিৎসালয়ত পিতৃৰ মৃতদেহ ।

আনফালে এই খবৰ পায়ো মঞ্চত দুৰ্ভগীয়া পুত্ৰই হাঁহি হাঁহি কৰিবলগীয়া হৈছে প্ৰেমৰ দুৰ্দান্ত অভিনয় ! এয়াই যেন একোজন শিল্পীৰ জীৱনৰ ৰূঢ় বাস্তৱ !

শ্ব' মাষ্ট গ' অন ! পিতৃৰ মৃত্যুৰ খবৰ পায়ো মঞ্চত হাঁহি হাঁহি কৰিবলগীয়া হ'ল প্ৰেমৰ দুৰ্দান্ত অভিনয় (ETV Bharat Assam)

আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী ৰাজলক্ষ্মী থিয়েটাৰৰ এগৰাকী অভিনেতাৰ সৈতে ঘটিছে এক মৰ্মান্তিক ঘটনা ৷ অভিনেতা চন্দন ডেকাৰ পিতৃ প্ৰবীণ চন্দ্ৰ ডেকাই শেষ নিশ্বাস ত্যাগ কৰে । মঙলদৈত উপস্থিত হোৱাৰ পিছতে পিতৃৰ মৃত্যুৰ বাতৰি লাভ কৰে পুত্ৰই । পিছে উপায় নাই, নাটক শেষ নকৰাকৈ যাব নোৱাৰে পিতৃৰ কাষলৈ । সেয়ে নাটকৰ স্ক্ৰীপ্ট মতেই হাঁহি-মাতি নাটকৰ সংলাপ আওৰাই অৱশেষত নিশাই পাঠশালা অভিমুখে ৰাওনা হয় চন্দন ডেকা । পাঠশালাৰ পৰা পিতৃৰ নিথৰ দেহ লৈ ৰাওনা হয় নিজ গৃহ গোৱালপাৰালৈ ৷

উল্লেখ্য যে, মঙলদৈ গেৰিমাৰী সন্মিলিত যুৱ মঞ্চই আমন্ত্ৰণ কৰা ৰাজলক্ষ্মী থিয়েটাৰৰ সোমবাৰে আছিল প্ৰথম নিশা । প্ৰথম নিশাৰ নাটক চলি থকাৰ সময়তে আহে দুৰ্ভাগ্যজনক খবৰটো । অভিনেতা চন্দন ডেকাৰ পিতৃৰ বিয়োগৰ খবৰে নাটকখনৰ সৈতে জড়িত সকলো কলা-কুশলীৰ লগতে নাটক উপভোগ কৰিবলৈ অহা দর্শককো শোকত ম্ৰিয়মান কৰি তোলে ।

মূৰৰ ওপৰৰ হাতখন অকস্মাতে নাইকিয়া হৈ গ’ল, কিন্তু কি কৰিব উপায় নাই ৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে পিতৃৰ মৃত্যুৰ পাছতো নিজৰ মনটোক শক্তিশালী কৰি থিয়েটাৰপ্ৰেমী ৰাইজৰ বাবে নাটকখন সুন্দৰভাৱে আগুৱাই নিয়ে অভিনেতা চন্দন ডেকাই । পিতৃৰ মুখখন মনলৈ আহি থকা অৱস্থাত অভিনেতা চন্দনৰ সন্মুখত আছিল হাজাৰ হাজাৰ দৰ্শক ৷ অভিনেতাগৰাকীৰ শক্তিশালী মন আৰু দায়বদ্ধতাক এতিয়া সকলোৱে শলাগ লৈছে ।

লগতে পঢ়ক :সুধাকণ্ঠ বিহীন 13 টা বছৰ

ABOUT THE AUTHOR

...view details