অসম

assam

ETV Bharat / entertainment

বছৰটোৰ শেষত দুখনকৈ অসমীয়া ছবিৰ শ্বুটিং আৰম্ভ - TWO ASSAMESE FILMS SHOOTING BEGIN

বছৰৰ এই শেষৰ ভাগত অসমৰ সাংস্কৃতিক দিশলৈ আহিছে এটা ভাল খবৰ । আৰম্ভ হৈছে দুখনকৈ অসমীয়া ছবিৰ শ্বুটিং । নৱবৰ্ষত মুক্তিলাভ কৰিব ছবি দুখনে ।

Shooting of two Assamese films begins at the end of the year
বছৰটোৰ শেষত দুখনকৈ অসমীয়া ছবিৰ শ্বুটিং আৰম্ভ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 19, 2024, 6:07 PM IST

গুৱাহাটী:পলকতে পাৰ হ'ল এটা বছৰ । ২০২৪ বর্ষক বিদায় দি ২০২৫ ক আদৰিবলৈ সাজু হৈছে সকলো । ২০২৫ ক আদৰিবলৈ মাজত মাথোঁ কেইটামান দিন বাকী । বছৰৰ এই শেষৰ ভাগত অসমৰ সাংস্কৃতিক দিশলৈ আহিছে এটা ভাল খবৰ । বছৰটোৰ শেষৰ ভাগত আৰম্ভ হৈছে দুখনকৈ নতুন অসমীয়া ছবিৰ শ্বুটিং । ছবি দুখন হৈছে 'ৰৈ ৰৈ বিনালে' আৰু 'N.R.C নলপাৰাৰ ৰাম চন্দ্ৰ' । আগন্তুক বৰ্ষত মুক্তি পাবলগীয়া এই ছবিখনৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে বাট চাইছে দৰ্শকে ।

জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে':

জুবিন গাৰ্গৰ 'ৰৈ ৰৈ বিনালে' (ETV Bharat Assam)

নৱেম্বৰ মাহত জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল জুবিন গাৰ্গৰ আহিবলগীয়া ছবি 'ৰৈ ৰৈ বিনালে'ৰ কথা । শেহতীয়াকৈ অনুষ্ঠিত হয় আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ শুভ মহুৰত । 'ৰৈ ৰৈ বিনালে' হৈছে আগন্তুক অসমীয়া সাংগীতিক ছবি । য'ত জুবিন গাৰ্গৰ সৈতে জড়িত হৈছে আন দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আৰু নীল আকাশ ।

ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ যুটীয়াভাৱে প্ৰযোজনা কৰিছে ক্ৰমে Zeal Creations আৰু I Creations এ । চিত্ৰনাট্য আৰু সংলাপ ৰাহুল গৌতম শৰ্মাৰ । চিত্ৰনাট্য পৰামৰ্শদাতা হৈছে শান্তনু ৰৌমূৰীয়া । অসমৰ লগতে বাহিৰৰ বিভিন্ন ঠাইত শ্বুটিং চলিবলগীয়া ছবিখনৰ আৰম্ভ হৈছে দৃশগ্ৰহণ ।

গোলাঘাটত 'N.R.C নলপাৰাৰ ৰাম চন্দ্ৰ'ৰ শ্বুটিং:

গোলাঘাটত 'N.R.C নলপাৰাৰ ৰাম চন্দ্ৰ'ৰ শ্বুটিং (ETV Bharat Assam)

এন কে মিডিয়াৰ বেনাৰত নানান পাচনিৰ পৰিচালনাৰে আগন্তুক বর্ষত আহি আছে নতুন অসমীয়া ছবি 'N.R.C নলপাৰাৰ ৰাম চন্দ্ৰ' । কমেডি আৰু সমাজৰ মাজত সজাগতা বিয়পোৱা কাহিনীক লৈ নিৰ্মিত এই ছবিখনৰ কাহিনী বেদব্ৰত বৰাৰ । ধাৰাবাহিক আৰু ৱেব চিৰিজ জগতত নিজৰ সুকীয়া চিনাকী গঢ়ি তোলা নানান পাচনিৰ পৰিচালনাৰে আহিব লগা 'নলপাৰাৰ ৰাম চন্দ্ৰ'ৰ ১৫ ডিচেম্বৰৰ পৰা গোলাঘাটৰ বিভিন্ন ঠাইত শ্বুটিং আৰম্ভ হৈছে ।

ছবিখনত অভিনয় কৰিব সিদ্ধাৰ্থ শৰ্মা, জয়ন্ত ভাগৱতী, পংকজ মহন্ত, বৈভৱী গোস্বামী, উপকুল বৰদলৈ আৰু জলী লস্কৰে। আনহাতে ছবিখনৰ সংগীত কৰিব অৰূপ জ্যোতি বৰুৱা, পলাশ সূৰ্য গগৈ, প্ৰণয় দত্ত আৰু অৰ্ণৱ বশিষ্ঠৰ লগতে বেকগ্ৰাউণ্ড স্কৰৰ দায়িত্বত আছে অৰূপজ্যোতি বৰুৱা । দৃশ্যগ্ৰহণ প্ৰদীপ দৈমাৰীৰ । গীতৰ কথা লিখিছে পাপলু চেতিয়া আৰু ৰাহুল গৌতম শৰ্মাই । সম্পাদনা কৰিছে মানস কাশ্যপে । মুখ্য সহকাৰী পৰিচালনা উদয় ভাস্কৰ পাটৰৰ । প্ৰজেক্ট হেড হিচাবে আছে দীপক বৰা । দুয়োখন ছবিক লৈ এতিয়া আশাবাদী দৰ্শক ।

লগতে পঢ়ক:এইবাৰ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় ছবি সমাৰোহলৈ 'ভিলেজ ৰকষ্টাৰ ২' - VILLAGE ROCKSTAR 2

মৃত্যুঞ্জয়ী শিল্পী আইদেউ সন্দিকৈ বঁটাটি মোৰ বাবে অস্কাৰতকৈও বেছি মূল্যৱান: সীমা বিশ্বাস - AIDEU HANDIQUE MEMORIAL AWARD

ABOUT THE AUTHOR

...view details