চিটাৰা ডেস্ক, ৫ মাৰ্চ:তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ অন্ত পৰিল ৷ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠান শেষ হোৱাৰ পাচতে এতিয়া জামনগৰৰ পৰা মুম্বাইলৈ উভতিছে তাৰকাসকল ৷ শেহতীয়াকৈ বলীউডৰ তাৰকা দম্পতী ৰণবীৰ কাপুৰ-আলিয়া ভাট, বিকি কৌশল-কেটৰিণা কাইফ আৰু সিদ্ধাৰ্থ মালহোত্ৰা-কিয়াৰা আদৱানীকে ধৰি বহু তাৰকাক মুম্বাইলৈ উভতি অহা দেখা গৈছিল । ইফালে ৪ মাৰ্চৰ নিশা শ্বাহৰুখ খানে পৰিয়ালসহ মুম্বাইলৈ ৰাওনা হয়, আনহাতে ছলমান খানো উভতি আহে মুম্বাইলৈ ।
পৰিয়ালৰ সৈতে কুল লুকত দেখা গ’ল কিং খানক
শ্বাহৰুখ খানক বিমানবন্দৰত দেখা গৈছিল পত্নী গৌৰী খান, কন্যা চুহানা খান, পুত্ৰ আৰিয়ান খান আৰু আব্ৰম খানৰ সৈতে। এই সময়চোৱাত শ্বাহৰুখ খানক দেখা গৈছিল অল ব্লেক লুকত । আনহাতে, চুহানা খানে পৰিধান কৰিছিল ধূসৰ ৰঙৰ সাজ-পোছাক । আৰ্মী প্ৰিন্ট পেণ্ট আৰু জিপাৰ পৰিধান কৰা দেখা গৈছিল আৰিয়ান খানক । আনহাতে, গৌৰী খানে ক’লা পেণ্টৰ সৈতে বগা চাৰ্ট পৰিধান কৰিছিল ।