চিটাৰা ডেস্ক, 17 অক্টোবৰ : ছুপাৰষ্টাৰ বুলিলেতো শ্বাহৰুখ খানৰ নামটোৱে মনলৈ আহে ৷ প্ৰশ্ন হয় কেতিয়াবা ওলাব জানো তেনেকুৱা দ্বিতীয় এজন ! কি অনুভৱ দিয়া নাই শ্বাহৰুখে দৰ্শক অনুৰাগীক-ৰোমাঞ্চ, হাঁহি, কান্দোন, খং, দুখ, শোক সকলো উজাই আহে শ্বাহৰুখৰ ছবিত ৷
শ্বাহৰুখ খানে সঞ্জয় লীলা ভাঞ্চালীৰ 2002 চনৰ ব্লকবাষ্টাৰ পিৰিয়ড ড্ৰামা দেৱদাসত এজন সুৰাপায়ীৰ চৰিত্ৰত অভিনয় কৰিছিল । লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱৰ শেহতীয়া বাৰ্তালাপত অভিনেতাজনে প্ৰকাশ কৰে যে তেওঁ এই চৰিত্ৰটোৰ বাবে মেথড এক্টিঙৰ আশ্ৰয় লৈছিল । যাৰ বাবে অভিনেতাজন লাভ-লোকচান দুয়োটাৰে সন্মুখীন হৈছিল । একে সময়তে, তেওঁ প্ৰকাশ কৰে যে তেওঁ তেওঁৰ পিতৃ-মাতৃৰ বাবে দেৱদাসৰ দৰে ডাঙৰ ছবিখন কৰিছিল ৷ শ্বাহৰুখ খানে কি কৈছিল জানো আহক ।
শ্বাহৰুখ খান মদৰ প্ৰতি আসক্ত আছিল
লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱত শ্বাহৰুখ খানে প্ৰকাশ কৰে যে তেওঁ চৰিত্ৰটো তৈয়াৰ কৰিবলৈ সুৰাৰ আশ্ৰয় লৈছিল । এইটোৱে কাম কৰিছিল নেকি বুলি সোধাত, তেওঁ উত্তৰ দিছিল যে পেছাদাৰীভাৱে ই সহায় কৰিছিল কিয়নো ছবিখনৰ মুক্তিৰ পিছৰটো বছৰত তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল । অৱশ্যে, তেওঁ লগতে কয় যে ইয়াৰ ফলত তেওঁৰ স্বাস্থ্যৰ ওপৰত অতি বেয়া প্ৰভাৱ পৰিছিল, কিয়নো তেওঁ অভ্যস্ত হৈ পৰিছিল ।
লগতে পঢ়ক :ছবিখন জীৱনৰ ডাঙৰ হিট স্বত্বেও এটা কথাত সুখী নাছিল শ্বাহৰুখ - Shah Rukh Khan Look in KKHH