ETV Bharat / state

বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত এক বাস্তৱ সিদ্ধান্ত: অতুল বৰা

অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়লয়ৰ ঐতিহাসিক ৰায়দানক আদৰণি অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ । ঐতিহাসিক ৰায় আখ্যা বৰাৰ ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Minister Atul Bora on Supreme Court verdict on base year of identification of foreigners
ঐতিহাসিক ৰায়দানক আদৰণি অতুল বৰাৰ (ETV Bharat Assam)

গোলাঘাট,১৭ অক্টোবৰ: ১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব অসমৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ । ১৯৭১ ৰ ২৫ মাৰ্চৰ পাছত অসমত প্ৰৱেশ কৰা প্ৰব্ৰজনকাৰীসকলক বিদেশী আখ্যা উচ্চতম ন্যায়লয়ৰ । অসম চুক্তিৰ আধাৰত ১৯৭১ ভিত্তিবৰ্ষ হ’ব লাগে বুলি দাবী জনাইছিল অগপই ।

এক দীঘলীয়া অসম আন্দোলনৰ পাছত ভাৰত চৰকাৰ আৰু আন্দোলনকাৰীৰ মাজত অসম চুক্তি স্বাক্ষৰিত হৈছিল । য'ত বিদেশী চিনাক্তকৰণৰ দিন ধাৰ্য কৰা হৈছিল ১৯৭১ চনৰ ২৫ মাৰ্চ ।

সেই চুক্তিৰ এক দীঘলীয়া সময় অতিবাহিত হ'ল । কিন্তু পৰৱৰ্তী সময়ত সন্মিলিত মহাসংঘই এই বিষয়টোক লৈ মহামান্য উচ্চতম ন্যায়ালয় কাষ চাপিছিল বিদেশী চিনাক্তকৰণৰ দিন ১৯৫১ চন হ'ব লাগে বুলি ।

এই সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই কয়,"য'ত অসম গণ পৰিষদ দলে এপ্লিকেশ্বন ফৰ ইন্টাৰভেন্সন হিচাপে জড়িত হৈ পৰিছিলো আৰু সেই হিচাপে আমাৰ ক'বলগীয়া কথা ন্যায়ালয়ৰ দাখিল কৰিছিলো । অৱশেষত আজি মহামান্য উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে এই ঐতিহাসিক ৰায় দিছে । যি নেকি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত এক বাস্তৱ সিদ্ধান্ত । আজি সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ঐতিহাসিক দিন ।"

উল্লেখ্য যে, বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে ঐতিহাসিক ৰায় দিয়ে । ভিত্তিবৰ্ষৰ ক্ষেত্রত ১৯৫১, ১৯৬৬ আৰু ১৯৭১ চনৰ প্ৰসংগক লৈ দীৰ্ঘসময় ধৰি চলি অহা বিতৰ্কৰ অৱসান ঘটাই আজি ন্যায়ালয়ে ১৯৭১ চনৰ ২৫ মাৰ্চ বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হ'ব বুলি ৰ‍ায় দিয়ে । উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে দিয়ে এই গুৰুত্বপূৰ্ণ ৰায় ।

লগতে পঢ়ক: এতিয়া 'কা' বাতিলৰ পথ প্ৰশস্ত হ’ল: আশাবাদী অখিল গগৈ

অবৈধ নাগৰিকৰ পক্ষতে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰিলে: মতিউৰ ৰহমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.