ETV Bharat / state

ৰে'লৱে টিকটৰ সংৰক্ষণৰ ম্যাদ হ্ৰাস

হ্ৰাস কৰা হৈছে ৰে'লৱে টিকটৰ সংৰক্ষণৰ ম্যাদ । ৩১ অক্টোবৰলৈকে কৰা সকলো বুকিং অৰ্থাৎ ১২০ দিনৰ পূৰ্বৰ বুকিং ম্যাদৰ দ্বাৰা প্ৰভাৱিত নহ'ব ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Railway changes reservation period from 120 to 60 days advance tickets
ৰে'লৱে টিকটৰ সংৰক্ষণৰ ম্যাদ হ্ৰাস (ETV Bharat Assam)

নেশ্যেনেল ডেস্ক,১৭ অক্টোবৰ: ভাৰতীয় ৰে'লৱেৰ ডাঙৰ সিদ্ধান্ত । টিকটৰ আগতীয়া সংৰক্ষণৰ ম্যাদ ১২০ দিনৰ পৰা হ্ৰাস কৰিলে ৬০ দিনলৈ । ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত । এই সন্দৰ্ভত ভাৰতীয় ৰে'লৱেই ইতিমধ্যে জাৰি কৰিছে এখন জাননী ।

ৰে'লৱেৰ জ্যেষ্ঠ বিষয়াসকলৰ জনোৱা অনুসৰি টিকট বুকিঙৰ এই পৰিৱৰ্তন যাত্ৰাৰ দিনটোক বাদ দি কাৰ্যকৰী হ'ব । ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ আগতীয়া সংৰক্ষণ ম্যাদ যাত্ৰাৰ দিনটোক বাদ দি ৬০ দিনৰ হ'ব । অৱশ্যে ৩১ অক্টোবৰ ২০২৪লৈকে কৰা সকলো বুকিঙৰ আগতীয়া সংৰক্ষণ ম্যাদ ১২০ দিনলৈকেই থাকিব ।

বিষয়াসকলে লগতে কয় যে ৬০ দিনৰ আগতীয়া সংৰক্ষণ ম্যাদৰ বাহিৰত কৰা বুকিং বাতিলৰ অনুমতি দিয়া হব । তাজ এক্সপ্ৰেছ, গোমতী এক্সপ্ৰেছ আৰু আন কিছুমানৰ দৰে নিশ্চিত দিন তথা সময়ত চলা এক্সপ্ৰেছ ৰে'লৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহয় । য'ত আগতীয়া সংৰক্ষণৰ বাবে নিৰ্ধাৰিত সময়সীমা বৰ্তমান বলবৎ হৈ আছে । বিদেশী পৰ্যটকৰ বাবে ৩৬৫ দিনৰ সীমাৰ ক্ষেত্ৰতো কোনো পৰিৱৰ্তন নহ'ব ।

ৰে'লৱেৰ বিষয়াসকলে উল্লেখ কৰে যে, এই পদক্ষেপে যাত্ৰীসকলক উন্নত ভ্ৰমণ পৰিকল্পনা তৈয়াৰ কৰাত আৰু সেই অনুসৰি তেওঁলোকৰ ভ্ৰমণৰ ক্ষেত্ৰত ৰে'লৰ টিকট বুক কৰাত সহায় কৰিব । ইয়াৰ পৰিপ্ৰেক্ষিতত আগতীয়াকৈ যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ চাৰি মাহ বহুত দীঘলীয়া আছিল ৷ সেয়েহে আগতীয়া সংৰক্ষণৰ সময়সীমা ১২০ দিনৰ পৰা ৬০ দিনলৈ হ্ৰাস কৰা হৈছে ।

অৱশ্যে, ৰে'লৱেই ইতিমধ্যে ১২০ দিনৰ এ আৰ পিৰ অধীনত ৩১ অক্টোবৰলৈকে কৰা টিকট বা বুকিং কৰা যাত্ৰীসকল প্ৰভাৱিত নহ'ব বুলি আশ্বাস প্ৰদান কৰিছে ।

লগতে পঢ়ক: ডিমা হাছাওত দুৰ্ঘটনাত পতিত আগৰতলা-লোকমান্য তিলক এক্সপ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.