অসম

assam

ETV Bharat / entertainment

কুৎসিত অভিনেতাজন হৈ পৰিল বলীউডৰ কিং অফ ৰোমাঞ্চ

কেৰিয়াৰৰ প্ৰাৰম্ভিক পৰ্যায়ত চেহেৰাৰ বাবে পৰিচালকে শ্বাহৰুখ খানক দিয়া নাছিল মুখ্য চৰিত্ৰৰ অফাৰ । কিং খানৰ জীৱনৰ আকৰ্ষণীয় কাহিনী-

shah rukh khan birthday
শ্বাহৰুখ খান (Photo : ANI)

By ETV Bharat Entertainment Team

Published : Nov 2, 2024, 10:56 AM IST

মুম্বাই :আজি ২ নৱেম্বৰত শ্বাহৰুখ খানে ৫৯ সংখ্যক জন্মদিন উদযাপন কৰিছে । ৫৯ বছৰ বয়সতো কিং খানে চলচ্চিত্ৰ জগতত ৰাজত্ব চলাই আছে । কিন্তু আপোনালোকে জানেনে শ্বাহৰুখৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক দিনবোৰত এজন পৰিচালকে তেওঁক কুৎসিত বুলি কৈছিল । শ্বাহৰুখে নিজেই এই কথা প্ৰকাশ কৰিছে । এখন চলচ্চিত্ৰ মহোৎসৱত শ্বাহৰুখ খানে প্ৰকাশ কৰে যে এজন পৰিচালকে তেওঁক কুৎসিত আখ্যা দিছিল । সমগ্ৰ ঘটনাটো জানিবলৈ প্ৰতিবেদনটো আগলৈ পঢ়ক-

শ্বাহৰুখক কোনে কুৎসিত বুলি কৈছিল ?

এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত শ্বাহৰুখে প্ৰথমে কয় যে তেওঁ পৰিচালকজনৰ নাম ল’ব নিবিচাৰে কিন্তু পিছলৈ তেওঁ অৱশ্যে নামটোও প্ৰকাশ কৰে । আচলতে, সেই পৰিচালকজন আছিল সকলোৰে পৰিচিত যশ চোপ্ৰা । শ্বাহৰুখ খানে কয়, “তেওঁ মোক কৈছিল যে আপোনাৰ আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল আপুনি কুৎসিত । কাৰণ আন নায়কসকলৰ চকলেট বয় লুক আছে, কিন্তু আপোনাক তেনেকুৱা দেখা নাযায় । মই তেতিয়া কৈছিলো যে ঠিক আছে, মই কুৎসিত, গতিকে মই এনে চৰিত্ৰবোৰ কৰিম যিবোৰ মোৰ বাবে উপযুক্ত, সেয়েহে মই ‘ডৰ’ ছবিখন কৰিছিলো । অৱশ্যে, ডৰৰ শ্বুটিং শেষ হোৱাৰ পিছত যশ চোপ্ৰাই মোক কৈছিল – “আপোনাক ইমান কুৎসিতো দেখা নাযায় । মই আপোনাক এটা প্ৰেমকাহিনীত কাষ্ট কৰিব বিচাৰো ।” শ্বাহৰুখে উল্লেখ কৰে যে সেই প্ৰেমকাহিনী ছবিখন আন কোনো নহয়, ব্লকবাষ্টাৰ হিট দিলৱালে দুলহানিয়া লে জায়েংগে আছিল ।

প্ৰত্যাখ্যান হোৱাৰ পিছত কিং অফ ৰোমাঞ্চৰ টেগ লাগে শ্বাহৰুখ খানৰ নামৰ পিছত

ডৰৰ শ্বুটিং শেষ হোৱাৰ পিছত, যশ চোপ্ৰাই শ্বাহৰুখক কৈছিল যে তেওঁ ইমানো কুৎসিত নহয় ৷ তাৰ পিছত তেওঁ শ্বাহৰুখ খানক দিলৱালে দুলহানিয়াৰ অফাৰ আগবঢ়াই, যিখন ছবি ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হয় । ইয়াৰ পিছত আৰু শ্বাহৰুখে কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া নহ’ল আৰু ভাৰতীয় চলচ্চিত্ৰ জগতলৈ এখনৰ পিছত এখনকৈ ছুপাৰহিট ৰোমাণ্টিক ছবি আগবঢ়াই গ’ল যি সমূহ ছবি এতিয়াও সকলোৰে মাজত অতি জনপ্ৰিয় ।

ডিডিএলজেৰ পিছত শ্বাহৰুখে দিল তো পাগল হে, কুছ কুছ হোতা হে, মহব্বতে, কভি খুশী কভি গম, কল হো না হো, বীৰ জাৰা, কভি আলবিদা না কেহনা, দেৱদাস, স্বদেশ আদি চলচ্চিত্ৰত অভিনয় কৰে । বিগত বছৰটোত, শ্বাহৰুখ খানে একেৰাহে তিনিখনকৈ হিট ছবি দিয়ে জোৱান, পাঠান আৰু ডাংকি । পাঠান আৰু জোৱান ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম । তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰখনৰ নাম হৈছে কিং, যিখন ছবিক লৈ অনুৰাগীসকল যথেষ্ট উৎসাহিত হৈ আছে ।

দূৰদৰ্শনৰ পৰা আৰম্ভ অভিনয় জীৱন

মন কৰিবলগীয়া যে শ্বাহৰুখ খান চলচ্চিত্ৰ উদ্যোগৰ এজন বহিৰাগত হিচাপে পৰিচিত যাৰ ইয়াত কোনো গডফাদাৰ নাছিল আৰু তেওঁ তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে চলচ্চিত্ৰ উদ্যোগত আজিৰ এই স্থান অৰ্জন কৰিছে । কেৰিয়াৰৰ প্ৰাৰম্ভিক পৰ্যায়ত তেওঁ বাজিগৰ আৰু ডৰৰ দৰে চলচ্চিত্ৰত নেতিবাচক চৰিত্ৰত অভিনয় কৰিছিল । কিন্তু পিছলৈ তেওঁ ৰোমান্টিক চলচ্চিত্ৰত হিৰোৰ চৰিত্ৰত অভিনয় কৰি কিং অফ ৰোমাঞ্চ হৈ পৰে ৷ তেওঁৰ এই প্ৰতিচ্ছবি আজিলৈকে অক্ষত অৱস্থাত আছে । শ্বাহৰুখে ১৯৯১ চনত গৌৰীক বিয়া কৰাইছিল আৰু তেওঁলোকৰ সুহানা, আৰিয়ান আৰু আব্ৰাম নামেৰে তিনিটা আছে ।

লগতে পঢ়ক :ঐশ্বৰ্য ৰায় বচ্চনৰ মন আছিল চিকিৎসক হোৱাৰ, কিন্তু…

ABOUT THE AUTHOR

...view details