হায়দৰাবাদ : অভিনেত্ৰী সামান্থা ৰুথ প্ৰভূৰ পিতৃৰ 29 নৱেম্বৰৰ সন্ধিয়া মৃত্যু ঘটিছে ৷ পিতৃৰ মৃত্যুত শোক ব্যক্ত কৰি অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে এটি আৱেগিক পোষ্ট ৷ ইনষ্টাগ্ৰামত তেওঁ ক’লা ৰঙৰ পটভূমিত ভগ্ন হৃদয়ৰ ই‘মজীৰ সৈতে লিখিছে, ‘আনটিল ইউ মিট এগেইন ডেড’ ৷
জোছেফ প্ৰভূ আৰু নিনেত্তে প্ৰভূৰ কন্যা সামান্থা ৰুথ প্ৰভূ পিতৃৰ আদৰ্শৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত আছিল ৷ তিনিটি সন্তান জোনাথ, ডেভিড, সামান্থাৰ মাজত সামান্থাই পৰিয়ালৰ ভিতৰত আটাইতকৈ কনিষ্ঠ ৷ জোছেফ প্ৰভূৱে অভিনেত্ৰীগৰাকীৰ জীৱনক এক সঠিক গতিপথ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ ব্যস্ততাৰে ভৰা সময়ৰ মাজতো সামান্থাই সময় পালেই পৰিয়ালৰ কথা মন খুলি কৈছিল ৷ মনোৰঞ্জন উদ্যোগত নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ নিজৰ কষ্টৰ সমান্তৰালকৈ পিতৃ-মাতৃৰ অকল্পনীয় সমৰ্থনৰ কথা অভিনেত্ৰীগৰাকীয়ে বহুবাৰ শ্বেয়াৰ কৰিছে ৷
প্ৰথমাৱস্থাত সামান্থাৰ পিতৃ সামান্থাক লৈ যথেষ্ট কঠোৰ আছিল বুলিও অভিনেত্ৰীগৰাকীয়ে বিভিন্ন সাক্ষাৎকাৰত উল্লেখ কৰিছে ৷ তেওঁৰ পিতৃয়ে তেওঁক স্মাৰ্ট বুলি ভবা নাছিল ৷ ঘৰখনৰ ভিতৰত সৰু সামান্থাই প্ৰায়ে নিজৰ স্থিতিৰ বাবে পিতৃৰ সৈতে মত বিৰোধ কৰিবলগীয়া হৈছিল ৷ কিন্তু হাজাৰ মতানৈক্যৰ পিছতো সামান্থাৰ বাবে পিতৃ জোছেফ আছিল সাহস ৷