চিটাৰা ডেস্ক, 30 জুলাই :এইজন কেৱল অভিনেতাই নহয়, এটা ব্ৰেণ্ড ৷ অসমীয়া বোলছবি জগতখনক তেওঁ নিজৰ অৱদানেৰে এক সু-উচ্চ পৰ্যায়লৈ লৈ গৈছে ৷ অভিনয়ৰ লগতে তেওঁৰ চিন্তা-চৰ্চাই অসমীয়া ছবিজগতখনক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে ৷
নিজৰ অপৰিসীম অৱদানৰ পিচতো থমকি ৰোৱা নাই এইজন অভিনেতা ৷ অসমীয়া চলচ্চিত্ৰক বিশ্বব্যাপী জনাজাত কৰোৱাৰ কথা প্ৰায়ে কয় তেওঁ ৷ চেলেব্ৰিটী হিচাপে তেওঁ নিজৰ কৰ্মদক্ষতাৰ লগতে স্পষ্টবাদীতাৰ বাবেও অতিকে জনপ্ৰিয় ৷ কথা ক’বলৈ ভয় নকৰা এইজন অভিনেতাই কিন্তু দুঃসাহসিক দৃশ্যৰ শ্বুটলৈয়ো ভয় নকৰে ৷ সাংঘাতিক দৃঢ় মনোবল তেওঁৰ ৷
ৰবি শৰ্মা, নামেই যাৰ পৰিচয় ৷ সেই ৰবি শৰ্মা সোমবাৰে আঘাতপ্ৰাপ্ত হ’ল ৰুদ্ৰ ছবিখনৰ একশ্যনধৰ্মী এক দৃশ্যগ্ৰহণৰ সময়ত ৷ তাৰ সম্পূৰ্ণ ভিজুৱেল আমি আপোনালোকক দেখুৱাম ৷ আপোনালোকে জানেই যে তেওঁ বৰ্তমান আগন্তুক একশ্যনধৰ্মী ছবি ৰুদ্ৰৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে ৷ ইতিমধ্যে বিভিন্ন ঠাইত ছবিখনৰ শ্বুটিং হৈ গৈছে ৷ কালি গুৱাহাটীত চলি আছিল শ্বুটিং ৷ ছবিখনৰ পৰিচালক ৰূপক গগৈয়ে মঙলবাৰে ই টিভি ভাৰতক কয়- "ৰুদ্ৰৰ ৰবি শৰ্মা নথকা দৃশ্যসমূহৰ শ্বুটিং প্ৰায় সম্পূৰ্ণ হৈছেই ৷ এতিয়া যিখিনি কাম বাকী আছেগৈ সেইখিনি ৰবি শৰ্মাৰেই দৃশ্য ৷ কালি সেই দৃশ্যগ্ৰহণৰ সময়তে ঘটে অঘটন ৷ আজি আৰু কাইলৈ দৃশ্যগ্ৰহণ বন্ধ ৰখা হৈছে ৷ আশা কৰিছো বৃহস্পতিবাৰৰ পৰা আমি পুনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব পাৰিম ৷"