অসম

assam

ETV Bharat / entertainment

ৰণবীৰ সিং-জনী ছিন্সৰ বিজ্ঞাপনত ক্ষোভ প্ৰকাশ ৰশ্মি দেশাইৰ

Rashmi Desai On Ranveer Singh Ad: ৰণবীৰ সিং আৰু জনী ছিন্সৰ বিজ্ঞাপনক লৈ ক্ষোভ প্ৰকাশ কৰিছে টিভি অভিনেত্ৰী ৰশ্মি দেশাইয়ে । ৰশ্মি দেশাইয়ে কয় যে এইটো টিভিৰ শিল্পীসকলৰ বাবে অপমানজনক ।

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 2:29 PM IST

Rashmi Desai Takes a dig At Ranveer Singh And Johnny Sins ad
ৰণবীৰ সিং-জনী ছিন্সৰ বিজ্ঞাপনত ক্ষোভ প্ৰকাশ ৰশ্মি দেশাইৰ

চিটাৰা ডেস্ক, ১৩ ফেব্ৰুৱাৰী:বলীউডৰ অভিনেতা ৰণবীৰ সিঙে শেহতীয়াকৈ এনে এটা কাম কৰিছে যিটো কোনেও কল্পনাও কৰা নাছিল ৷ দৰাচলতে বলীউডৰ অভিনেতা ৰণবীৰ সিং আৰু এডাল্ট ষ্টাৰ জনী ছিন্সে একেলগে এটা বিজ্ঞাপন কৰিছে ৷ দুয়োজনে ইৰেক্টিল ডিছফংচনৰ ওপৰত এটা বিজ্ঞাপন মুকলি কৰিছে । যিটো বিজ্ঞাপনে সম্প্ৰতি ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে ৷

ৰশ্মি দেশাইৰ পোষ্ট

উল্লেখ্য যে, এই বিজ্ঞাপনটো টিভি ধাৰাবাহিকৰ ষ্টাইলত শ্বুটিং কৰা হৈছে । এই বিজ্ঞাপনটো দেখি ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে যে টিভি শ্ব’ৰ নাটকীয় দৃশ্যবোৰক যেন ঠাট্টা-মস্কৰা কৰা হৈছে । এতিয়া এই সন্দৰ্ভক টিভি অভিনেত্ৰী ৰশ্মি দেশাইয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অভিনেত্ৰীগৰাকীয়ে কয় যে এই বিজ্ঞাপনটো টিভিৰ শিল্পীসকলৰ বাবে অপমানজনক ।

ক্ষুব্ধ হ’ল ৰশ্মি দেশাই

ছ’চিয়েল মিডিয়াত বিজ্ঞাপনটো শ্বেয়াৰ কৰি ৰশ্মিয়ে লিখিছে, ‘‘মই আঞ্চলিক চলচ্চিত্ৰ উদ্যোগৰ পৰাই কেৰিয়াৰ আৰম্ভ কৰিছিলো আৰু তাৰ পিচত টিভিত কাম কৰিবলৈ আৰম্ভ কৰিছিলো । মানুহে ইয়াক সৰু পৰ্দা বুলি কয় । য’ত সাধাৰণ মানুহে শ্ব’ৰ লগতে বাতৰি, ক্ৰিকেট আৰু বলীউডৰ চিনেমা চায় । একেবাৰে আশা কৰা নাছিলো এই বিজ্ঞাপনটো ৷ কিন্তু এই ভিডিঅ’টো চোৱাৰ পিচত সমগ্ৰ টিভি উদ্যোগটোৰ লগতে টিভিত কাম কৰা লোকসকলৰ বাবে অপমানজনক বুলি বিবেচনা কৰিলোঁ ।’’

ৰশ্মিয়ে লগতে লিখিছে, ‘‘আমাক সদায় সৰু অনুভৱ কৰোৱা হয় আৰু তেনে ব্যৱহাৰ কৰা হয় । সকলোৱে কঠোৰ পৰিশ্ৰম কৰে । কিন্তু ক্ষমা কৰিব, এই সকলোবোৰ টিভি শ্ব’ত দেখুওৱা নহয় । এই সকলোবোৰ কেৱল ডাঙৰ পৰ্দাতহে দেখুওৱা হয়। বাস্তৱ বস্তু দেখুওৱাটো একো ভুল নহয়, কিন্তু এইটো সমগ্ৰ টিভি উদ্যোগৰ বাবে বাস্তৱ পৰীক্ষা । কাৰণ মোৰ বাবে এইটো এটা চৰ যেন লাগিছিল । হয়তো মই অতিমাত্ৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো । কিন্তু আমি দৰ্শকক মৰম আৰু সংস্কৃতি দেখুৱাওঁ । মই আঘাত পাইছো কাৰণ টিভিত মোৰ এক সন্মানজনক যাত্ৰা আছে । আশা কৰো আপোনালোকে মোৰ আৱেগ বুজি পাব ।’’

ইফালে ৰণবীৰে সিঙে শ্বেয়াৰ কৰা এই ভিডিঅ’টোক লৈ বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এজনে লিখিছে- ৰণবীৰ ভাই ! এনে নিবনুৱা সমস্যা আহিছে পৰিছে নেকি? যাৰ বাবে এনেকুৱা দিন চাব লাগিল ! আন এজনে লিখিছে- কেৰিয়াৰ শেষ হ’ব ৷ আন এজনে লিখিছে- কেৱল ৰণবীৰে এই কামটো কৰিব পাৰে, Cheers to him ৷

লগতে পঢ়ক:অনুৰাগীৰ সৈতে কিয় এনেকুৱা কৰিলে আদিত্য নাৰায়ণে ?

ABOUT THE AUTHOR

...view details