নিউজ ডেস্ক, 29 আগষ্ট :দিল্লীৰ দ্বাৰকা চেক্টৰ-25ৰ যশোভূমী প্ৰদৰ্শনী স্থানত আয়োজন কৰা হৈছে ভাৰতত ব্যৱসায়িক অৱসৰ আৰু এম আই চি ই ভ্ৰমণ বজাৰ (বিএলটিএম) ৷ ই এক ব্যৱসায় আৰু বিপণনৰ প্ৰচাৰৰ অনুষ্ঠান ৷ য’ত ভাৰতৰ উপৰিও বিশ্বৰ ভ্ৰমণকাৰী আৰু ব্যৱসায়ীসকলে অংশগ্ৰহণ কৰিছে ৷ হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটীয়েও সফলতাসমূহ প্ৰদৰ্শন কৰি অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে ৷
বিশ্বৰ অন্যতম বৃহৎ ফিল্ম চিটী :
ৰামোজী ফিল্ম চিটীৰ হৈ দিল্লীত কৰ্মৰত বিক্ৰী আৰু বিপণন বিভাগৰ জ্যেষ্ঠ মেনেজাৰ অমৃত প্ৰসাদে কয় যে ৰামোজী ফিল্ম চিটীয়ে তৃতীয়বাৰৰ বাবে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে । বিপণন আৰু ভ্ৰমণৰ প্ৰচাৰৰ বাবে এইখন এখন ভাল মঞ্চ । ৰামোজী ফিল্ম চিটী হায়দৰাবাদত আছে । তাৰ পৰা কিছু বিশেষ লোকো এই অনুষ্ঠানলৈ আহিছে ।
ৰামোজী ফিল্ম চিটী পৃথিৱীৰ সৰ্ববৃহৎ ফিল্ম চিটী । প্ৰতি বছৰে ইয়াত ৩৫০ খনতকৈও অধিক চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰা হয় । ডাঙৰ পৰ্দাৰ বহুতো বিখ্যাত চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ ৰামোজী ফিল্ম চিটীত কৰা হৈছে- যেনে বাহুবলী, পুষ্পা-১, পুষ্পা-২, কল্কি, চেন্নাই এক্সপ্ৰেছ, সিংঘম আৰু ধামাল ৷ ৩৩০০ তকৈও অধিক হিন্দী আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰা হৈছে । ইয়াৰ উপৰিও বহুতো চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ বৰ্তমান চলি আছে ।
ৰামোজী ফিল্ম চিটীত বিলাসী হোটেলো আছে :
অমৃত প্ৰসাদে কয় যে ৰামোজী ফিল্ম চিটী কেৱল চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে নহয়, ইয়াত বহু হোটেলো আছে । তেওঁ কয় যে বৰ্তমান ফিল্ম চিটীখনত পঞ্চতাৰকা, তিনিতাৰকা, চাৰিতাৰকা আৰু ২ তাৰকা হোটেলকে ধৰি প্ৰতিটো শ্ৰেণীৰ হোটেল আছে ৷ সৰ্বমুঠ ৬০০ তকৈও অধিক কোঠা আছে । ইয়াৰ বাহিৰেও ৰামোজী ফিল্ম চিটীত সৰ্বাধিক কনফাৰেন্স হল আছে । য’ত যিকোনো মুকলি অনুষ্ঠান, ডীলাৰ মিট, বিক্ৰী সভা, বঁটা প্ৰদান অনুষ্ঠান আদি আয়োজন কৰিব পৰা যায় ।