চিটাৰা ডেস্ক, 7 এপ্ৰিল :মেগাষ্টাৰ ৰাম চৰণৰ পত্নী উপাসনা কনিডেলাই শেহতীয়াকৈ থাইলেণ্ড ভ্ৰমণৰ এখন ফটো আপলোড কৰাৰ পিচতেই ফটোখনে ব্যাপক চৰ্চা লাভ কৰিছে ৷ পোণ প্ৰথমবাৰৰ বাবে উপাসনা কনিডেলাই শ্বেয়াৰ কৰিলে তেওঁলোকৰ কন্যাৰ ফটো ৷ এই ফটোখনে অনুৰাগীসকলক অধিক উৎসাহিত কৰি তুলিছে ৷
ৰাম চৰণে সপৰিয়ালে থাইলেণ্ডত অৱসৰ বিনোদনৰ বাবে যোৱাৰ সময়ত তেওঁলোকে এটা হাতীক গা ধুৱাই থকাৰ সময়ৰ ফটোখন আপলোড কৰে ৷ ফটোখনত তেওঁলোকৰ কন্যা ক্লিন কাৰাৰ মুখখন স্পষ্টকৈ প্ৰকাশ পাইছে ৷
উল্লেখ্য যে, দম্পতীটোৱে তেওঁলোকৰ কন্যা ক্লিনৰ ফটো প্ৰথমবাৰৰ বাবে সামাজিক মাধ্যমত পোষ্ট কৰিছে । এই আকৰ্ষণীয় পোষ্টটোৱে অনুৰাগীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷
প্ৰথমবাৰৰ বাবে জীয়েক ক্লিনৰ মুখখন প্ৰকাশ কৰি উপলাসনাই ফটোখনৰ শিৰোনাম দিছিল, "এক অবিশ্বাস্য অভিজ্ঞতাৰ বাবে ধন্যবাদ, শ্ৰীযুত চি/নানা । হাতী উদ্ধাৰ কৰা শিবিৰত থাকি বিভিন্ন কথা শিকিলো #bestdad।"