চিটাৰা ডেস্ক, 21 জুলাই:দাক্ষিণাত্য়ৰ ছবিজগতৰ ছুপাৰষ্টাৰ ৰামচৰণৰ পত্নী উপাসনা কনিডেলাৰ শনিবাৰে আছিল 35 বছৰীয়া জন্মদিন ৷ সেই উপলক্ষে সমগ্ৰ দিনটো সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলৰ লগতে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলে উপাসনাক জন্মদিনৰ শুভেচ্ছা জনাই মৰম আৰু আশীৰ্বাদ যাচে ৷ তেলুগু ছুপাৰষ্টাৰগৰাকীয়েও অনন্যধৰণে পত্নীক সামাজিক মাধ্যমৰ জৰিয়তে ওপজাদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
আৰ আৰ আৰ খ্যাত অভিনেতাগৰাকীয়ে বিশেষ অনুষ্ঠানটোৰ কথা সামাজিক মাধ্যমত উল্লেখ কৰিবলৈ পতি-পত্নীৰ মাজৰ এটি বিশেষ মুহূৰ্ত শ্বেয়াৰ কৰে ৷ অনুৰাগীসকলে পূৰ্বে নেদেখা এক ছেলফি শ্বেয়াৰ কৰি ৰামচৰণে এক আকৰ্ষণীয় কেপচন লিখি পত্নী উপাসনাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
ছবিখন শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে ৰঙা হৃদযন্ত্ৰৰ ইমোজিৰ সৈতে লিখিছিল এনেদৰে, "শুভ জন্মদিন কাৰা মা !! উপাসনাই বহু প্ৰত্যাশিত পোষ্টটোত উৎফুল্লিত অনুভৱ কৰি উত্তৰ হিচাপে লিখিছিল, "ধন্যবাদ, মিঃ চি" ৷ পত্নীয়ে ছুপাৰষ্টাৰগৰাকীৰ ছেলফিখন দেখি "আপোনাৰ ছেলফি নিখুঁট হৈছে" বুলি ধুনীয়া হাতৰ ইমোজিৰ লগতে হৃদয়ৰ ইমোটিকনৰ সৈতে হাঁহি থকা মুখৰ ইমোজি শ্বেয়াৰ কৰে ।
2012 চনৰ 14 জুনত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিবাহপাশত আৱদ্ধ হৈছিল এই দম্পতীটো ৷ বিবাহৰ প্ৰায় 11 বছৰৰ পিছত ক্লিন কাৰাৰ মাতৃ-পিতৃ হোৱাৰ সৌভাগ্য ঘটিছিল দুয়োগৰাকীৰে ৷ জন্মৰ পৰাই ৰামচৰণ আৰু উপাসনাই কন্যাৰ কেইবাখনো ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে, যাৰ বাবে অনুৰাগীসকল আনন্দিত হয় ৷