চিটাৰা ডেস্ক, 28 এপ্ৰিল :বলীউডৰ ড্ৰামা কুইন ৰাখী সাৱন্তে সততেই তেওঁৰ মন্তব্য তথা কামেৰে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৷ শেহতীয়াকৈ, বলীউডৰ ভাইজান তথা অভিনেতা ছলমান খানৰ বান্দ্ৰাস্থিত বাসগৃহ গেলেক্সীৰ বাহিৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল ৷
তাৰ পাচতেই ৰাখী সাৱন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত আবেদন জনাইছে যে, ছলমান খানৰ সুৰক্ষাৰ বাবে উচ্চ পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰিব লাগে । ৰাখীয়ে ছলমান খানক কহিনুৰৰ হীৰাৰ সৈতে তুলনা কৰি কেতবোৰ মন্তব্য কৰে ।
ৰাখীয়ে কয়, ‘‘মই ছলমান ভাইক হাত জোৰ কৰি কওঁ যে তেওঁ কেতিয়াও আহি নিজৰ ঘৰৰ বাৰান্দাত থিয় নহয় ৷ বিশেষকৈ ঈদ তথা জন্মদিনত । আপুনি আপোনাৰ অনুৰাগীসকলক লগ কৰিবলৈ এখন ডাঙৰ হোটেল বুক কৰিব পাৰে ৷ তেওঁলোকক তাত লগ কৰক, যাতে আপোনাৰ সুৰক্ষা নিশ্চিত কৰা হয় ৷’’