অসম

assam

ETV Bharat / entertainment

চন্দ্ৰবাবু নাইডুৰ শপতগ্ৰহণত অংশগ্ৰহণৰ বাবে আহিল মেগাষ্টাৰ ৰজনীকান্ত - AP CM oath taking ceremony - AP CM OATH TAKING CEREMONY

Rajinikanth in Vijayawada: অন্ধ্ৰপ্ৰদেশত উপস্থিত দাক্ষিণাত্যৰ মেগাষ্টাৰ ৰজনীকান্ত । চন্দ্ৰবাবু নাইডুৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্য বিজয়বাড়াত উপস্থিত হৈছে ছুপাৰষ্টাৰগৰাকী ৷

Rajinikanth arrives in Vijayawada
অন্ধ্ৰ প্ৰদেশত উপস্থিত দাক্ষিণাত্যৰ মেগাষ্টাৰ ৰজনীকান্ত (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Jun 12, 2024, 9:21 AM IST

Updated : Jun 12, 2024, 10:34 AM IST

চিটাৰা ডেস্ক, 12 জুন: বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব চন্দ্ৰবাবু নাইডুৱে । এই উপলক্ষে মঙলবাৰে সন্ধিয়া বিজয়ৱাড়াত উপস্থিত হয় প্ৰবীণ অভিনেতা ৰজনীকান্ত । দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্তৰ সৈতে একেলগে আহিছে পত্নী লতা ৷

নাইডুৱে অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত তেলেগু দেশম পাৰ্টী, ভাৰতীয় জনতা পাৰ্টী আৰু জনসেনা মিত্ৰজোঁটৰ নেতৃত্বত বিপুল সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল । ইয়াৰ পূৰ্বে মঙলবাৰে নাইডুৱে ৰাজভৱনত অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল এছ আব্দুল নাজিৰক সাক্ষাৎ কৰে । নাইডুৰ সৈতে তেওঁৰ দলৰ সহযোগী জনসেনা পাৰ্টীৰ মুৰব্বী পৱন কল্যাণ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ডগ্গুবতী পুৰন্দেশ্বৰীও উপস্থিত থাকে ।

অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত এন ডি এৰ সৈতে একেলগে নিৰ্বাচনী যুঁজত নমা টিডিপি, জনসেনা পাৰ্টী আৰু বিজেপিয়ে মুঠ 175 খন আসনৰ ভিতৰত 164 খন আসন লাভ কৰি বিপুলভাৱে জয় লাভ কৰে । টিডিপিয়ে 135 খন আসন, জনসেনা পাৰ্টীয়ে 21 খন আৰু বিজেপিয়ে 8 খন আসন লাভ কৰে ।

বৈঠকত জনসেনা পাৰ্টীৰ মুৰব্বী পৱন কল্যাণে এন চন্দ্ৰবাবু নাইডুক এন ডি এ চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়ায় । সভাত ভাষণ দি পৱন কল্যাণে কয়, ‘এন ডি এ চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাবে চন্দ্ৰবাবু নাইডুৰ প্ৰতি জনসেনা পাৰ্টীৰ সমৰ্থন আছে" ৷

বৈঠকত ভাষণ দি নাইডুৱে এই ঐতিহাসিক জনাদেশৰ বাবে ৰাইজৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে । সভাত ভাষণ দি ভাবী মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "অন্ধ্ৰপ্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বলৈ বিজেপি, জনসেনা আৰু টিডিপিৰ সকলো বিধায়কে সন্মতি দিছে" ৷

নাইডুৱে অনুভৱ ব্যক্ত কৰি কয়, ‘মই এনেকুৱা বিজয় আৰু সন্তুষ্টি আগতে কেতিয়াও পোৱা নাছিলো । 1994 চনত একপক্ষীয় নিৰ্বাচন হৈছিল । তেতিয়াও আমি ইমানবোৰ আসন জিকিব পৰা নাছিলো । আমি 164 খন আসন লাভ কৰিলো । আমি মাত্ৰ 11 খন আসন হেৰুৱালো । অৰ্থাৎ আমি 93% আসন লাভ কৰিলো । এই নিৰ্বাচনসমূহত গড় ভোটৰ শতকৰা হাৰ আছিল 57 %। আমাৰ দায়িত্ব বাঢ়িছে" ৷

লগতে পঢ়ক:নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ উৰা মাৰিলে ৰজনীকান্ত - Narendra Modis oath taking ceremony

Last Updated : Jun 12, 2024, 10:34 AM IST

ABOUT THE AUTHOR

...view details