অসম

assam

ETV Bharat / entertainment

দীপাৱলীতেই নুমাই গ'ল এগছি চাকি ! জীৱন নাটৰ কল্যাণ-খৰমান কুলদা কুমাৰ ভট্টাচাৰ্যৰ - KULADA KUMAR BHATTACHARYA

হেৰাই গ'ল অসমৰ সাংস্কৃতিক জগতৰ আন এটি মুকুতা । অজান মুলুকলৈ বিশিষ্ট নাট্যকাৰ, অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক ঋষিতুল্য কুলদা কুমাৰ ভট্টাচাৰ্য ।

Prominent Assamese actor Kulada Kumar Bhattacharya no more
কুলদা কুমাৰ ভট্টাচাৰ্য আৰু নাই (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 10:26 PM IST

Updated : Nov 1, 2024, 10:50 PM IST

গুৱাহাটী:যেন খহি পৰিল অসমীয়া নাট্য-ছবি জগতৰ এক নক্ষত্ৰ ! যেন ছিগি গ'ল প্ৰাণ জুৰ পেলাই অমিয়া সুৰৰ ঝংকাৰ তোলা বীণখনিৰ তাঁৰডাল ! ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপক বিশিষ্ট নাট্যকাৰ, অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য আৰু নাই । বাৰ্দ্ধক্যজনিত কাৰণত যোৱা ২৪ অক্টোবৰৰ পৰা গুৱাহাটীৰ গণেশগুৰিস্থিত দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী ৷ নিম'নিয়া আৰু হৃদৰোগৰ সমস্যাত ভুগি আছিল ঋষিতুল্য এইগৰাকী শিল্পী । শুকুৰবাৰে সন্ধিয়া ৮-২০ বজাত দিছপুৰ হাস্পতালৰ আই চি ইউত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে ।

অসমীয়া সাংস্কৃতিক জগতৰ এক পুৰোধা নাম আছিল কুলদা কুমাৰ ভট্টাচাৰ্য । ১৯৩৩ চনত গুৱাহাটী মহানগৰীত জন্মগ্ৰহণ কৰা ভট্টাচাৰ্য আছিল একেধাৰে অনাতাঁৰ শিল্পী, নাট্যকাৰ, অভিনেতা তথা পৰিচালক, ধাৰাভাষ্যকাৰ আৰু আবৃত্তিকাৰ । লণ্ডনত মঞ্চকলা, ফিল্ম আৰু টেলিভিচন বিষয়ত পেচাদাৰী প্ৰশিক্ষণ লোৱা শিল্পীসকলৰ ভিতৰত অন্যতম ভট্টাচাৰ্যই এসময়ৰ অনাতাঁৰ নাট 'পৰশুৰাম'ৰ জৰিয়তে জনপ্ৰিয়তা অর্জন কৰাৰ লগতে অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত বহুকেইখন জনপ্ৰিয় ৰেডিঅ' নাটত অভিনয় কৰিছিল । তদুপৰি বিশিষ্ট নাট্যকাৰ অৰুণ শৰ্মাৰ "আহাৰ" আৰু "নিবাৰণ ভট্টাচাৰ্য"ত তেওঁৰ বলিষ্ঠ অভিনয় আজিও পাহৰা নাই দৰ্শকে ।

ইয়াৰোপৰি 'শকুন্তলা, 'লটিঘটি, 'চিকমিক বিজুলী,'প্ৰভাতী পখীৰ গান, 'ৰামধেনু','ভিলেজ ৰকষ্টাৰ' আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছে তেওঁ । লগতে দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিকতো অভিনয় কৰাৰ লগতে পৰিচালনাও কৰিছে । তেওঁৰ দ্বাৰা পৰিচালিত এখন বহুল জনপ্ৰিয় ধাৰাবাহিক আছিল "তেজাল ঘোঁৰা"। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতা আৰু ইণ্ডিয়ান পেনোৰামাৰ বাবে দুবাৰকৈ জুৰীৰ সদস্য হিচাপেও নিৰ্বাচিত হৈছিল ভট্টাচাৰ্য ।

শেহতীয়াকৈ '৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা'ত শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰ হিচাপে সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল কুলদা কুমাৰ ভট্টাচাৰ্যই । "হাতীবন্ধু" ছবিখনৰ ধাৰাভাষ্যৰ বাবে এই সন্মান আগবঢ়োৱা হৈছিল শিল্পীগৰাকীলৈ । বিশিষ্ট শিল্পীগৰাকীৰ বিয়োগত এতিয়া শোকৰ ছাঁ পৰিছে ৰাজ্যৰ সাংস্কৃতিক মহলত ।

বিশিষ্ট শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সমাজিক মাধ্যম যোগে শোক প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে,"প্ৰখ্যাত অভিনেতা, পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যদেৱৰ অবিস্মৰণীয় অৰিহণাৰে সমৃদ্ধ আমাৰ কলা-সংস্কৃতিৰ পথাৰ । এইগৰাকী স্বনামধন্য ব্যক্তিসত্তাৰ বিয়োগৰ খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ । অসমৰ সাংস্কৃতিক জগতৰ বাবে তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি ।"

আনহাতে, অসমীয়া শিল্প-সাহিত্য জগতৰ পুৰোধা কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে গভীৰ শোক প্ৰকাশ কৰিছে । "অসমীয়া জাতিৰ অভিভাৱকস্বৰূপ কুলদা কুমাৰ ভট্টাচাৰ্য কেৱল এগৰাকী নাট পৰিচালক বা অভিনেতাই নাছিল, তেওঁ আছিল জাতীয় চেতনাৰ ধ্বজাবহনকাৰী এগৰাকী মহীৰূহ ।" এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ৷ প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক বিবৃতিত এইদৰে কয় ৷

নাট্যক্ষেত্ৰৰ মহীৰূহ কুলদা কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত শোক প্ৰকাশ অসম জাতীয় পৰিষদৰো । বিশিষ্ট নাট্যযোদ্ধাগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচি দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, "অসমৰ অপেচাদাৰী নাট্যক্ষেত্ৰলৈ প্ৰভূত অৰিহণা আগবঢ়াই যোৱা বিশিষ্ট নাট্যকাৰ তথা অভিনেতাগৰাকীৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি ৷ অসমৰ অভিনয় জগতখনত প্ৰাণস্পৰ্শী অভিনয়েৰে কেইবাটাও দশক দৰ্শকক আলোড়িত কৰি ৰখা কুলদা ভট্টাচাৰ্য আছিল মাটি আৰু মানুহৰ আৱেগেৰে সংপৃক্ত এজন সঁচা মানুহ ৷ আজি এইগৰাকী বৰেণ্য অসমীয়াৰ বিয়োগত অসমে এটি ৰত্ন হেৰুৱালে ৷ অসমখনক আৰু অসমীয়া মানুহক মনেপ্ৰাণে ভালপোৱা এইগৰাকী মহীৰূহলৈ আমি শ্ৰদ্ধাঞ্জলি যাচিছোঁ ৷’’

শনিবাৰে দিনৰ ১০-৩০ বজাৰ পৰা ১ বজালৈ গুৱাহাটী ক্লাবস্থিত সূৰ্য ক্লাবত তেওঁৰ নশ্বৰ দেহ ৰাইজৰ শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ'ব । উল্লেখ্য যে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে ইতিমধ্যে তেখেতে নিজৰ চকু আৰু দেহদান কৰি গৈছে ।

লগতে পঢ়ক:বিশিষ্ট নাট্যকাৰ-অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য অসুস্থ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিগ্ৰস্ত-দুৰ্বৃত্ত আখ্যা কুলদা কুমাৰ ভট্টাচাৰ্যৰ - Kulada Kumar Bhattacharya

Last Updated : Nov 1, 2024, 10:50 PM IST

ABOUT THE AUTHOR

...view details