চিটাৰা ডেস্ক, 24 এপ্ৰিল :প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা ৰাজকুমাৰ সন্তোষীৰ পৰিচালনাৰে নিৰ্মিত আগন্তুক ছবি লাহোৰ ১৯৪৭ ৰে ছানী দেউলৰ সৈতে বলীউডলৈ উভতি আহিছে অভিনেত্ৰী প্ৰীতি জিন্টা । এক দীঘলীয়া বিৰতিৰ পিচত ৰূপালী পৰ্দাত এক দৰ্শনীয় প্ৰত্যাৱৰ্তন ঘটাবলৈ সাজু হোৱা অভিনেত্ৰীগৰাকীয়ে মঙলবাৰে নিশা ছবি শ্বেয়াৰ কৰি অনুৰাগীসকলক ছবিখনৰ এক আভাস প্ৰদান কৰে । বীৰ জাৰাৰ অভিনেত্ৰীগৰাকীয়ে বহু প্ৰত্যাশিত ছবি লাহোৰ ১৯৪৭ ত ছানী দেউলৰ বিপৰীতে অভিনয় কৰিবলৈ সাজু হৈছে ।
বুধবাৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত চেটৰ পৰা BTS ফটো শ্বেয়াৰ কৰি প্ৰীতিয়ে নিজৰ অনুৰাগীসকলক আচৰিত কৰি তোলে । ছবিখনৰ ক্লেপাৰ ব’ৰ্ডৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁ লিখে, “অন চেট ফৰ লাহোৰ ১৯৪৭ ।” লগতে তেওঁৰ পৰিচালক ৰাজকুমাৰ সন্তোষীৰ সৈতেও এখন চেলফি শ্বেয়াৰ কৰে । ইয়াৰ পূৰ্বে হিৰো: লাভ ষ্ট’ৰী অৱ এ স্পাই, ফাৰ্জ আৰু ভাইয়াজী ছুপাৰহিট আদি ছবিত সহযোগিতা কৰাৰ পিচত এই ছবিখনৰ বাবে পুনৰ একত্ৰিত হৈছে প্ৰীতি আৰু ছানী ।
বিগত অক্টোবৰ মাহত আমীৰ খানে উল্লেখ কৰিছিল যে তেওঁৰ বেনাৰত লাহোৰ ১৯৪৭ নিৰ্মাণ কৰা হ’ব । ছানী আৰু আমীৰৰ প্ৰডাকচনে সন্তোষী পৰিচালনাৰ বাবে প্ৰথমবাৰৰ বাবে সহযোগিতা কৰিছে । ইয়াৰ পূৰ্বে দুয়ো অভিনেতাই সন্তোষীৰ সৈতে পৃথক পৃথক প্ৰজেক্টত কাম কৰিছে ।