অসম

assam

ETV Bharat / entertainment

অতীতৰ স্মৃতি ৰোমন্থন কৰিব পৰাকৈ দৰ্শকৰ মাজলৈ ৱেব ছিৰিজ জানমণি ২০২৫

ৱেব ছিৰিজ আকাৰে আহি আছে ‘‘জানমণি ২০২৫’’ । নগাঁৱৰ কামপুৰত এতিয়া পূৰ্ণগতিত চলি আছে শ্বুটিং ।

Popular VCD Jaanmoni to be released soon in web series format as jaanmoni 2025
ৱেব ছিৰিজ আকাৰে আহি আছে ‘জানমণি ২০২৫’ (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Dec 3, 2024, 12:06 PM IST

গুৱাহাটী : এটা সময় আছিল যিটো সময়ত বছৰৰ শেষ ভাগলৈ দৰ্শক অধীৰ আগ্ৰহেৰে ৰৈ আছিল ভিচিডি কেছেটসমূহৰ বাবে । জোনবাই, অঞ্জনা আদি ভিচিডিসমূহ চাই চাই মানুহে পাৰ কৰিছিল এটা এটা বছৰ ৷ এন কে প্ৰডাকশ্যনৰ ‘জানমণি’ৰো আছিল অসংখ্যক দৰ্শক ৷

জানমণি বুলি ক'লেই এক অন্য ধৰণৰ স্মৃতিয়ে দোলা দি যায় । দৰ্শকৰ সেই মৰমৰ প্ৰতি সঁহাৰি জনাই এন কে প্ৰডাকশ্যনে ‘জানমণি’ক পুনৰ এবাৰ ৰাইজৰ মাজলৈ অনাৰ প্ৰয়াস কৰিছে ।

শীঘ্ৰেই ৱেব ছিৰিজৰ ৰূপত আকৌ এবাৰ দৰ্শকৰ মাজলৈ আহি আছে ‘জানমণি’ । এন কে প্ৰডাকশ্যনৰ বেনাৰত দেবু বৰকটকীৰ প্ৰযোজনাত নিৰ্মাণ হৈ থকা এই ৱেব ছিৰিজখনৰ পৰিচালনা মনোজিত শৰ্মাৰ । আহিবলগীয়া এই নতুন ৱেব ছিৰিজখনৰ কাহিনী-চিত্ৰনাট্য-সংলাপ প্ৰণৱ বৰুৱাৰ । চিত্ৰগ্ৰহণ আৰু পৰিচালনাত আছে মনোজিৎ শৰ্মা । সহকাৰী-পৰিচালক হিচাপে আছে সত্যৰঞ্জন শৰ্মা ।

‘জানমণি ২০২৫’ ৰ শ্বুটিং (ETV Bharat Assam)

ৱেব ছিৰিজখন সন্দৰ্ভত প্ৰণৱ বৰুৱাই জনোৱা অনুসৰি, "কাহিনীৰ প্ৰটাগনিষ্ট জানমণি । জানমণিক কেন্দ্ৰ কৰিয়েই আগবাঢ়ে কাহিনী । বঙহেই বঙহৰ শত্ৰু কথাটো সত্য প্ৰতিপন্ন হয় দুই নায়কৰ দুই পিতৃৰ যোগেৰে । ব্যক্তিগত আখেজেই বিষময় কৰি তোলে তিনিটা জীৱন, যি ডুবি আছিল আকুণ্ঠ প্ৰেমত, এতিয়া সিহঁতৰ বুকুত অনবৰতে বৈ থাকে মাথোঁ ঘৃণা ।"

উল্লেখ্য যে, এন কে প্ৰডাকশ্যনে সদায় নতুন প্ৰতিভাসকলৰ বাবে এখন মঞ্চ হিচাপে কাম কৰি আহিছে । এনেক্ষেত্ৰত, এই ৱেব ছিৰিজখনতো নতুনক সুযোগ দিছে নিৰ্মাতাই ৷ ৱেব ছিৰিজখনত অভিনয় কৰিব নৱ-প্ৰজন্মৰ বহু নতুন যুৱক-যুৱতীয়ে ।

ৱেব ছিৰিজখন নাম ভূমিকাত অভিনয় কৰিছে অষ্ট্ৰীয়ানা দিহিঙীয়াই । লগতে অভিনয় কৰিছে পাৰ্থ দত্ত, বিবেক বৰা, ‘অজগৰ’ খ্যাত অসীম শৰ্মা, বলীন বৰা, ৰিন্তুমণি বৰা, মৃদুস্মিতা দিহিঙীয়াকে ধৰি বহু অভিনেতা-অভিনেত্ৰীয়ে ।

আনহাতে, ৱেব ছিৰিজখনৰ গীত বিমান বৰুৱাৰ ৷ কণ্ঠদান কৰিছে জুবিন গাৰ্গ, প্ৰয়াত জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপ, ছয়নিকা ভূঞা আদিকে ধৰি কেইবাগৰাকীয়েও । দহটা খণ্ডৰ ৱেব ছিৰিজখন মুক্তি লাভ কৰিব মাঘ বিহুৰ প্ৰাকক্ষণত । নগাঁৱৰ কামপুৰত এতিয়া পূৰ্ণগতিত চলি আছে ৱেব ছিৰিজখনৰ শ্বুটিং ।

লগতে পঢ়ক :'পুষ্পা ২'ৰ এটা অনুষ্ঠানত আল্লু অৰ্জুনে ক’লে, এখন হিন্দী ছবি কৰি...

ABOUT THE AUTHOR

...view details