চিটাৰা ডেস্ক, ৫ মাৰ্চ:সোমবাৰে চেন্নাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বিভূষণ বঁটা বিজয়ী তথা চিৰসেউজ অভিনেত্ৰী বৈজয়ন্তীমালাক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সৈতে হোৱা সাক্ষাতৰ কিছু ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগতে অভিনেত্ৰীগৰাকীৰ প্ৰশংসাও কৰে । দক্ষিণৰ পৰা বলীউড চলচ্চিত্ৰ জগতলৈকে নিজৰ উৎকৃষ্ট অভিনয়েৰে সফলতা অৰ্জন কৰা বৈজয়ন্তীমালাৰ সাফল্যক যথেষ্ট প্ৰশংসা কৰে মোদীয়ে ৷ ভাৰতীয় চিনেমাৰ অন্যতম উন্নত অভিনেত্ৰী আৰু নৃত্যশিল্পী হিচাপে গণ্য কৰা বৈজয়ন্তীমালা আজিও নিজৰ ছবিত অভিনয় কৰা চৰিত্ৰৰ বাবে পৰিচিত ।
বৈজয়ন্তীমালাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
ছ’চিয়েল মিডিয়াত বৈজয়ন্তীমালাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা পোষ্ট শ্বেয়াৰ কৰে । প্ৰধানমন্ত্ৰীয়ে দুখন ছবি শ্বেয়াৰ কৰিছে ৷ ছবি দুখনত দেখা গৈছে যে তেওঁ অভিনেত্ৰী বৈজয়ন্তীমালাক নমস্কাৰ জনোৱাৰ কোৱাৰ বিপৰীতে দ্বিতীয়খন ছবিত তেওঁক বৈজয়ন্তীমালাৰ সৈতে কথা পাতি থকা দেখা গৈছে । এই পোষ্টটো ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে ৷
নৰেন্দ্ৰ মোদীয়ে বৈজয়ন্তীমালাৰ প্ৰশংসা কৰে