চিটাৰা ডেস্ক, 29 মাৰ্চ :দুয়োৱে প্ৰথম বিবাহ বাৰ্ষিকীয়ে উদযাপন কৰিবলৈ পোৱা নাই এতিয়ালৈকে কিন্তু নেটিজেন সাজু হৈ গ’ল সন্তান আদৰিবলৈ ! বিগত বৰ্ষৰ 24 ছেপ্তেম্বৰত ৰাঘৱ চাড্ডাৰ সৈতে বিয়াত বহা পৰিণীতি সন্তানসম্ভৱা নেকি বুলি কিছু সময়ৰ পৰা আলোচনা চলি আছে ৷ বৃহস্পতিবাৰে যেতিয়া অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আহিবলগীয়া ছবি Amar Singh Chamkila ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ঢিলা পোচাক এযোৰ পিন্ধি উপস্থিত হয়, নেটিজেন আৰু অনুৰাগী এইটো ধৰিয়ে ল’লে যে অভিনেত্ৰীগৰাকী সঁচাকৈয়ে গৰ্ভৱতী হৈ আছে ৷ কিন্তু অভিনেত্ৰীগৰাকীয়ে অকণো দেৰি নকৰাকৈ ছ’চিয়েল মিডিয়াত আলোচনা চলি থকা বাতৰিটোত নিজৰ মত দাঙি ধৰে ৷
অভিনেত্ৰী গৰাকীয়ে কি ক’লে সেইটো জনাৰ আগতে জানি লওক যে তেওঁ ট্ৰেইলাৰ মুকলি ইভেণ্টত তেওঁ কি পৰিধান কৰিছিল ? 35 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে সম্পূৰ্ণ ক’লা ৰঙৰ ষ্টাইলিছ কাফ্তান পিন্ধিছিল ৷ ইভেণ্ট শেষ হোৱাৰ অন্তত অভিনেত্ৰীগৰাকীয়ে পোচাক সলনি কৰিবলৈ মন মেলে আৰু ক’লা ৰঙৰ পেণ্ট এটাৰ সৈতে অ’ভাৰচাউজ বগা ৰঙৰ চাৰ্ট পিন্ধে ৷ ইভেণ্টটোত এনেধৰণৰ ঢিলা সাজ পৰিধান কৰা কথাটোৱে প্ৰেগনেন্সিৰ উৰাবাতৰিত ইন্ধন যোগায় ৷
ইমানবোৰ দেখা শুনাৰ পিচত পৰিণীতি আৰু ৰৈ থাকিব নোৱাৰিলে ৷ ইনষ্টাগ্ৰাম ষ্ট’ৰীত নিজৰ মনৰ কথা প্ৰকাশ কৰি লিখিলে, "কাফ্তান ড্ৰেছ=প্ৰেগনেন্সি, অ’ভাৰচাউজ চাৰ্ট=প্ৰেগনেন্সি, কম্ফি ইণ্ডিয়ান কুৰ্তা=প্ৰেগনেন্সি ৷" লগতে লগাই দিলে এটা লাফিং ইম’জী ৷ ষ্ট’ৰীটো দেখি অনুমান কৰিব পৰা গৈছে যে অভিনেত্ৰীগৰাকীক উৰাবাতৰিবোৰে যথেষ্ট হাঁহিৰ খোৰাক যোগাইছে ৷