নিউজ ডেস্ক, ১১ মাৰ্চ : অস্কাৰৰ দৌৰত থকা ভাৰতীয়-কানাডিয়ান নিশা পাহুজাৰ দ্বাৰা পৰিচালিত 'টু কিল এ টাইগাৰ' নামৰ তথ্যচিত্ৰখনৰ এক বিশেষ স্ক্ৰীণিঙত উদ্ভাসিত হ'বলৈ আগবাঢ়িছে প্ৰিয়ংকা চোপ্ৰা জোনাছ । অৱশ্যে ছবিখনৰ প্ৰকৃত নায়ক হৈছে ঝাৰখণ্ডৰ ৰঞ্জিত নামৰ এগৰাকী কৃষক ।
লছ এঞ্জেলছৰ নেটফ্লিক্সৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত স্ক্ৰীণিঙত টিভি অভিনেতা চাহিল ছালাথিয়াই ৰঞ্জিতক তেওঁৰ আঘাতপ্ৰাপ্ত কন্যাক সমৰ্থন কৰাৰ বাবে প্ৰশংসা কৰে । উল্লেখ্য যে তেওঁৰ কন্যা ধৰ্ষণৰ বলি হৈছিল । কিন্তু সামাজিক চাপৰ বিৰুদ্ধে ৰঞ্জিতে সংগ্ৰাম আগবঢ়াই নিছিল ।
আনকি তেওঁৰ কন্যাক এজন ধৰ্ষণকাৰীৰ সৈতে বিয়া হ'বলৈও পৰামৰ্শ দিছিল । এই সকলোবোৰ ঘটনা ছবিখনত চিত্ৰায়িত কৰা হৈছে । অকল্পনীয় প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সত্বেও ৰঞ্জিত লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অস্কাৰ গালাত উপস্থিত থাকিবলৈ সাজু হৈছে ।
নিৰ্মাণ কৰিবলৈ আঠ বছৰ সময়লগা তথ্যচিত্ৰখনে ৰঞ্জিতৰ সাহসী যাত্ৰা আৰু তেওঁৰ কন্যাৰ আৰক্ষী বাহিনীত যোগদান আৰু নাৰীৰ ওপৰত কৰা হিংসাৰ বিৰুদ্ধে যুঁজ দিয়াৰ আকাংক্ষাৰ ওপৰত আলোকপাত কৰে । ভাৰতীয় আমেৰিকান সংবাদকৰ্মী মিণ্ডি কলিং আৰু দেৱ পেটেলৰ কাৰ্যবাহী প্ৰযোজনা আৰু শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰা জোনাছে যোগদান কৰা 'টু কিল এ টাইগাৰ'-এ শ্ৰেষ্ঠ ডকুমেণ্টৰী ফিচাৰ অস্কাৰৰ বাবে কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হৈছে ।