গুৱাহাটী : ১৭ জানুৱাৰীত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘গোলাই চোৰ’। Zeng Entertainment আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ বেনাৰত নিৰ্মাণ কৰা হৈছে এই নতুন ছবিখন । দেওবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত আইদেউ ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’। প্ৰিমিয়াৰ শ্ব’ত উপস্থিত থাকে অসমীয়া সাংস্কৃতিক জগতৰ লগত জড়িত বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে ছবিখনৰ সমূহ কলা-কুশলী। ‘গোলাই চোৰ’ ছবিখনৰ কাহিনী আৰু পৰিচালনা ৰক্তিম কমল বৰুৱাৰ ।
ছবিখন সন্দৰ্ভত মন্তব্য কৰি পৰিচালক তথা অভিনেতা কেনী বসুমতাৰীয়ে কয়, "ছবিখনত দৰ্শকে নতুন সোৱাদ এটা পাব বুলি মই ভাবো । ছবিখনৰ কাহিনী ১৯৪৫ চনত ব্ৰিটিছৰাজৰ সময়ত আৰম্ভ হৈ ৮০ চনলৈ আহে । ছবিখনৰ শ্বুটিং মাজুলীত কৰা হৈছে। এগৰাকী চোৰ নেতৃত্বত এখন টোল খোলা হয় আৰু এই টোললৈ অহা চোৰৰ দলটো অতি মৰমিয়াল । ৰাইজে সঁহাৰি জনালে ছবিখন চলিব ।"
চোৰৰ লগতে অৱশ্যে ডকাইত এজনো দৰ্শকে দেখিবলৈ পাব ৷ পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাসে এই কথা প্ৰকাশ কৰে ৷ ছবিখন সন্দৰ্ভত তেওঁ কয়, "ছবিখনৰ মুক্তিৰ দিনটো এটা বিশেষ দিন । ১৭ জানুৱাৰী, শিল্পী দিৱসত ছবিখন মুক্তি পাব । ছবিখনৰ এটা চৰিত্ৰত মই অভিনয় কৰিছো । ছবিখনত বহুত চোৰ আছে, কিন্তু তাৰ মাজতে এজন ডকাইতো আছে আৰু সেই ডকাইতৰ চৰিত্ৰটোত মই অভিনয় কৰিছো ।" দাসে ছবি প্ৰচাৰৰ ক্ষেত্ৰত অসম চৰকাৰৰ হস্তক্ষেপৰ কথাও উল্লেখ কৰে ৷