অসম

assam

ETV Bharat / entertainment

সদলবলে যাওক হললৈ, ইমন উপভোগ কৰিবলৈ - Assamese Film Emon release date

Assamese Film Emon release date : আজি মুক্তি লাভ কৰিলে নতুন অসমীয়া ছবি "ইমন" এ । ৰাজ্যৰ প্ৰায়সংখ্যক ছবিগৃহতে মুক্তি দিয়া হৈছে নতুন এই অসমীয়া ছবিখন ।

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 4:28 PM IST

new assamese film emon releases today in approximately thirty theatres in assam
নতুন অসমীয়া ছবি "ইমন" (Moonmi Phukan instagram)

গুৱাহাটী, 5 জুলাই :শুকুৰবাৰে মুক্তি লাভ কৰিলে নতুন অসমীয়া ছবি "ইমন" এ । ৰাজ্যৰ প্ৰায় ৩০ টা ছবিগৃহত মুক্তি লাভ কৰিছে এই নতুন অসমীয়া ছবিখনে । বৃহস্পতিবাৰে মহানগৰীৰ মেট্ৰিক্স ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’।

প্ৰিমিয়াৰ শ্ব’ (ETV Bharat Assam)

প্ৰিমিয়াৰ শ্ব’ত উপস্থিত থাকে অসমীয়া ছবিজগতৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ লগতে ছবিখনৰ অন্যান্য কলা-কুশলীসকল ।

ছবিখন ক’ত কেতিয়া উপভোগ কৰিব পাৰিব আপোনালোকে (Emon movie Facebook page)

এগৰাকী সৰু ছোৱালীৰ জীৱনৰ কাহিনীক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখন প্ৰযোজনা কৰিছে বিপুল চন্দ্ৰ দাস আৰু ইতি গগৈয়ে । ইমন ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবি "ইমন" ৰ কাহিনী আৰু পৰিচালনা অসীম বৈশ্যৰ ৷

ছবিখন ক’ত কেতিয়া উপভোগ কৰিব পাৰিব আপোনালোকে (Emon movie Facebook page)

আনহাতে চিত্ৰনাট্য আৰু সংলাপ মৃদুল কুমাৰ বৰাৰ ৷ ছবিখনত অভিনয় কৰিছে দেৱজিৎ মজুমদাৰ, মহেন্দ্ৰ দাস, প্ৰতিভা চৌধুৰী, সিদ্ধাৰ্থ শৰ্মা, মুনমী ফুকন, দ্বীপজ্যোতি কেওট, ৰাজীৱ গোস্বামী, বিকি, অৰ্ণৱ আয়ান, সিদ্ধান্ত কলিতা, স্নিগ্ধা গগৈ, ববী শইকীয়া বৰা, চাজু, সমীৰণ গোস্বামীকে ধৰি বহুকেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

গুৱাহাটীৰ মহানগৰীৰ ভিন্ন স্থানৰ লগতে মহানগৰীৰ পাৰ্শ্বৱৰ্তী বহুকেইটা ঠাইত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে । ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে চিন্ময় ৰাভাই । সংগীত ইবচন লাল বৰুৱাৰ । ছবিখনৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে প্ৰশান্ত বৰা ৷

ছবিখন ক’ত কেতিয়া উপভোগ কৰিব পাৰিব আপোনালোকে (Emon movie Facebook page)

সহকাৰী পৰিচালক উৎপল বৰ্মন আৰু অংকুৰ ডেকা ৷ ইমনৰ ৰূপসজ্জাত আছে ভাস্কৰজ্যোতি দত্ত আৰু ভূমিকা তালুকদাৰ । সম্পাদনা কৰিছে অসীম শর্মাই ।

লগতে পঢ়ক :‘ইমন’ৰ পোষ্টাৰ মুকলিৰ পৰা দৰ্শকলৈ কি অনুৰোধ জনালে নিৰ্মাতা-তাৰকাই ? - new assamese film emon

ABOUT THE AUTHOR

...view details