কলকাতা:মুন মুন সেনৰ স্বামী ভৰত দেৱ বৰ্মাৰ মৃত্যু ৷ পিতৃহাৰা হৈ পৰে ৰিয়া আৰু ৰাইমা সেন । শোকাস্তব্ধ দেৱ বৰ্মাৰ পৰিয়াল । ভৰত দেৱ বৰ্মা ত্ৰিপুৰাৰ এটা ৰাজপৰিয়ালৰ পুত্ৰ আছিল । ১৯৭৮ চনত তেওঁ মুন মুন সেনক বিয়া কৰাইছিল । ৪৬ বছৰ দুয়োৱে যুগ্ম জীৱন পাৰ কৰে । খবৰ অনুসৰি চিকিৎসালয়ত উপস্থিত হোৱাৰ আগতেই তেওঁৰ মৃত্যু ঘটে ।
প্ৰাপ্ত তথ্য অনুসৰি, তেওঁ কিছু সময়ৰ ধৰি অসুস্থ আছিল । আজি ৰাতিপুৱা হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় । ভৰত দেৱ বৰ্মা ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ পুত্ৰ আছিল ৷ হ’লেও মুন মুনৰ মাতৃ সুচিত্ৰা সেনে চাই-চিতি একমাত্ৰ জীয়েকক বিয়া দিছিল ৷ তেওঁলোকে ধুমধামেৰে বিবাহ পাশত আৱদ্ধ হৈছিল । মুন মুন-ভৰতৰ বিয়াত টলীউড আৰু বলীউডৰ অগণন তাৰকা উপস্থিত আছিল ৷
মুন মুন সেনে নিজে এবাৰ তেওঁৰ স্বামী ভৰতৰ বিষয়ে এটা সাক্ষাৎকাৰত কৈছিল যে ভৰতে সদায় তেওঁক সমৰ্থন কৰি আহিছে । প্ৰায় সকলোৱে জানে যে মুনমুনে তেওঁৰ স্বামীক ‘স্বামী’ বুলিয়ে মাতিছিল । কিন্তু ভৰত কেৱল তেওঁৰ স্বামী নাছিল । তেওঁ সঁচাকৈয়ে এজন বন্ধু আছিল । মুন মুনৰ মাতৃ সুচিত্ৰা সেনে বিবাহৰ পিছত মুন মুনে আৰু চিনেমা কৰিব নোৱাৰিব বুলি চৰ্ত বান্ধি দিছিল, কিন্তু মুন মুনে সেই কথা শুনা নাছিল । জানিব পৰা মতে, মতৰ অমিলৰ বাবে মাক-জীয়েকে ডেৰ বছৰ ধৰি কথাও পতা নাছিল । কিন্তু ভৰত সদায় বন্ধুৰ দৰে তেওঁৰ কাষত আছিল ।