চিটাৰা ডেস্ক, 17 আগষ্ট :পঞ্চদশ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ অৱ মেলবৰ্ণ (আই এফ এফ এম) 2024 ৰ বঁটা 16 আগষ্টত ঘোষণা কৰা হয় । 15 আগষ্টৰ পৰা আনুষ্ঠানিকভাৱে বহু ধুমধামেৰে আৰম্ভ হয় 15 নং আই এফ এফ এম । বহু ভাৰতীয় ছবি, ৱেব শ্ব’, অভিনেতা আৰু পৰিচালকক এই চলচ্চিত্ৰ মহোৎসৱত সন্মানিত কৰা হয় । দক্ষিণৰ মেগাষ্টাৰ ৰাম চৰণে ভাৰতীয় কলা আৰু সাংস্কৃতিক বিভাগৰ ৰাষ্ট্ৰদূত বঁটা লাভ কৰে । বিক্ৰান্ত মেছি অভিনীত ছবি ‘12 ফেইল’ এ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰাৰ বিপৰীতে কাৰ্তিক আৰিয়ানক ‘চন্দু চেম্পিয়ন’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হয় । কিৰণ ৰাওৰ ‘লাপতা লেডিজ’ ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক চয়চ বঁটা লাভ কৰে । বিজয়ীৰ সম্পূৰ্ণ তালিকা চাওঁ আহক-
বিজয়ীৰ সম্পূৰ্ণ তালিকা তলত উল্লেখ কৰা হৈছে:
শ্ৰেষ্ঠ প্ৰদৰ্শন (পুৰুষ): কাৰ্তিক আৰিয়ান 'চন্দু চেম্পিয়ন'
শ্ৰেষ্ঠ প্ৰদৰ্শন (মহিলা): পাৰ্বতী থিৰুভোথু, 'উলোঝুক্কু'
শ্ৰেষ্ঠ চলচ্চিত্ৰ: '12 ফেইল'
শ্ৰেষ্ঠ পৰিচালক: 'চন্দু চেম্পিয়ন'ৰ বাবে কবীৰ খান আৰু 'মহাৰাজা'ৰ বাবে নিথিলান স্বামীনাথন
শ্ৰেষ্ঠ অভিনেতা সমালোচকৰ পছন্দ: '12 ফেইল'ৰ বাবে বিক্ৰান্ত মেছি
ভাৰতীয় কলা আৰু সংস্কৃতিৰ ৰাষ্ট্ৰদূত: ৰাম চৰণ
শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ পছন্দ: 'লাপতা লেডিজ'