চিটাৰা ডেস্ক, 12 ছেপ্টেম্বৰ :বলীউডৰ অভিনেত্ৰী মালাইকা অৰোৰাই বুধবাৰে সন্ধিয়া পিতৃ অনিল কুলদীপ মেহতাৰ মৃত্যুৰ পিছতে এক বিবৃতি প্ৰকাশ কৰে । ইয়াৰ পূৰ্বে সংবাদ মাধ্যমত তেওঁৰ নাম অনিল অৰোৰা বুলি উল্লেখ কৰা হৈছিল যদিও অভিনেত্ৰীগৰাকীৰ আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰা পিতৃৰ নামে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক বিভ্ৰান্ত কৰিছে । ব্যৱহাৰকাৰীসকলে মালাইকা অৰোৰাৰ পিতৃৰ উপাধি সন্দৰ্ভত বিভিন্ন ধৰণৰ মন্তব্য আৰু প্ৰশ্ন কৰিছে ।
মালাইকা অৰোৰাৰ বক্তব্য
বুধবাৰে সন্ধিয়া মালাইকা অৰোৰাই তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামত পৰিয়ালটোৰ হৈ এটা বিবৃতি প্ৰকাশ কৰি লিখিছে, “আমাৰ প্ৰিয় পিতৃ অনিল মেহতাৰ মৃত্যুৰ কথা ঘোষণা কৰি আমি অত্যন্ত দুখিত । তেওঁ এজন নম্ৰ আত্মা, এজন নিষ্ঠাৱান ককাক, এজন প্ৰিয় স্বামী আৰু আমাৰ আটাইতকৈ ভাল বন্ধু আছিল । আমাৰ পৰিয়াল এই মুহূৰ্তত হতবাক হৈ পৰিছে, আৰু আমি এই কঠিন সময়ত সংবাদ মাধ্যম আৰু শুভাকাংক্ষীসকলৰ পৰা গোপনীয়তাৰ বাবে অনুৰোধ জনাইছো । আমি আপোনাৰ বুজাবুজি, সমৰ্থন আৰু সন্মানক প্ৰশংসা কৰো । কৃতজ্ঞতাৰে, জয়েছ, মালাইকা, অমৃতা, শ্বাকিল, আৰহান, আজান, ৰিয়ান, কেছপাৰ এক্সেল, ডাফী আৰু বাডী ।" পোষ্টটোৰ শেষত, মালাইকাই তেওঁৰ দেউতাকৰ নাম 'অনিল কুলদীপ মেহতা' লিখিছিল ।
অনিল মেহতাৰ উপাধি আৰু বয়সক লৈ ব্যৱহাৰকাৰীৰ প্ৰতিক্ৰিয়া