অসম

assam

ETV Bharat / entertainment

কিন্নৰ আখাড়াই বহিষ্কাৰ কৰিলে মমতা কুলকাৰ্ণীক, আঁতৰালে মহামণ্ডলেশ্বৰ উপাধি - KINNAR AKHARA ON MAMTA KULKARNI

মমতা কুলকাৰ্ণীক কিন্নৰ আখাড়াই মহামণ্ডলেশ্বৰৰ পদৰ পৰা অপসাৰণ কৰিছে ৷ লক্ষ্মী নাৰায়ণক ত্ৰিপাঠীকো দেখুৱাইছে বাহিৰৰ ৰাস্তা ৷

kinnar akhara expells mamta kulkarni laxminarayan tripathi removes actor from the post of mahamandaleshwar
মমতা কুলকাৰ্ণী (Photo : IANS)

By ETV Bharat Entertainment Team

Published : Jan 31, 2025, 6:11 PM IST

মুম্বাই :প্ৰয়াগৰাজৰ কুম্ভমেলাৰ সময়ত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি কিন্নৰ আখাড়াই অলপতে মহামণ্ডলেশ্বৰ হোৱা মমতা কুলকাৰ্ণীক তেওঁৰ পদৰ পৰা অপসাৰণ কৰিছে । তেওঁৰ লগতে লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীকো আচাৰ্য মহামণ্ডলেশ্বৰৰ পদৰ পৰা আৰু আখাড়াৰ পৰা বহিষ্কাৰ কৰা হৈছে । কিন্নৰ আখাড়াৰ প্ৰতিষ্ঠাপক ঋষি অজয় দাসে আখাড়াখন পুনৰ সংগঠিত কৰিছে । প্ৰাক্তন অভিনেত্ৰী মমতা কুলকাৰ্ণীয়ে মাত্ৰ কেইদিনমান আগতে প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভমেলাত পিণ্ডদান কৰি সংস্কাৰ লৈছিল ৷

নিয়ম উলংঘনৰ অভিযোগ :

কিন্নৰ আখাড়াৰ প্ৰতিষ্ঠাপক অজয় দাসে লক্ষ্মী নাৰায়ণ ত্ৰিপাঠীৰ বিৰুদ্ধে নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে । শুকুৰবাৰে অজয় দাসে আখাড়া পুনৰ্গঠনৰ পৰিকল্পনা ঘোষণা কৰে । তেওঁ কয় যে শীঘ্ৰেই এজন নতুন আচাৰ্য মহামণ্ডলেশ্বৰ নিযুক্ত কৰা হ'ব ।

মহামণ্ডলেশ্বৰৰ নিযুক্তিক লৈ উত্থাপিত প্ৰশ্ন :

এই মাহৰ আৰম্ভণিতে মমতা কুলকাৰ্ণীয়ে প্ৰয়াগৰাজৰ সংগম ঘাটত পিণ্ডদান কৰিছিল । তাৰ কিছু সময় পিছতে লক্ষ্মী নাৰায়ণে কুলকাৰ্ণীক মহামণ্ডলেশ্বৰৰ পদত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল । বহুলোকে এই সিদ্ধান্তটো পছন্দ কৰা নাছিল । বাবা ৰামদেৱকে ধৰি কিছুসংখ্যক ব্যক্তিয়ে তেওঁক মহামণ্ডলেশ্বৰ উপাধি প্ৰদান কৰাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল ।

ট্ৰেন্সজেণ্ডাৰ গল্পকাৰ জগতগুৰু হিমাংগী সখী মায়ে মহাকুম্ভৰ সময়ত কিন্নৰ আখাড়াৰ মহামণ্ডলেশ্বৰ পদত মমতা কুলকাৰ্ণীক নিযুক্তি দিয়াৰ বিষয়ে সন্দেহ প্ৰকাশ কৰিছিল । হিমাংগী সখীয়ে কুলকাৰ্ণীৰ অতীতৰ বিতৰ্কৰ ফালে আঙুলিয়াই এই সিদ্ধান্ত সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল । তেওঁ কয়, "মমতা কুলকাৰ্ণীক কিন্নৰ আখাড়াই প্ৰচাৰৰ বাবে মহামণ্ডলেশ্বৰ কৰি তুলিছে । সকলোৱে তেওঁৰ অতীতৰ বিষয়ে জানে; তেওঁ আগতে ড্ৰাগছৰ গোচৰত কাৰাগাৰলৈ গৈছিল । হঠাতে তেওঁ ভাৰতলৈ আহে, মহাকুম্ভত অংশগ্ৰহণ কৰে আৰু মহামণ্ডলেশ্বৰৰ পদ তেওঁক প্ৰদান কৰা হয় । ইয়াৰ তদন্ত হোৱা উচিত ।"

মহামণ্ডলেশ্বৰৰ পদৰ পৰা অপসাৰণৰ কাৰণ

1. সন্যাসী হোৱাৰ আগতেই মহামণ্ডলেশ্বৰ উপাধি দিয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল ।

2. মানুহে এই কথাত আপত্তি কৰিছিল যে 90 ৰ দশকত তেওঁ চলচ্চিত্ৰত যথেষ্ট সাহসী আছিল ।

3. মমতা কুলকাৰ্ণীৰ নাম আণ্ডাৰৱৰ্ল্ডৰ সৈতে সংযুক্ত আছিল ৷

4. মুণ্ডন অনুষ্ঠান অবিহনে মহামণ্ডলেশ্বৰ হোৱা ।

5. কিন্নৰ আখাড়াৰ নিয়ম অনুসৰি বৈজন্তী মালা পৰিধান নকৰা ।

লগতে পঢ়ক :ত্ৰিবেণী সংগমত ডুব মাৰি নিজৰ পিণ্ড দান ! অভিনেত্ৰীয়ে গ্লেমাৰাছ পৃথিৱী এৰি যোৱাৰ ভিডিঅ’ চাওক

ABOUT THE AUTHOR

...view details